NORTHEAST NOW (Assamese)

সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ দেহাৱসান

May 11, 2020 6:50 am · কাজী জেইদুল ইছলাম
প্রয়াত সুৰেশ চন্দ্ৰ বৰঠাকুৰ। ফটো: নৰ্থইষ্ট নাও

সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সুৰেশ চন্দ্ৰ বৰঠাকুৰৰ দেওবাৰে দেহাৱসান ঘটে।

প্ৰায় এমাহধৰি বাৰ্ধক্য জনিত কাৰণত অসুস্থ হৈ থকা হেলেম আমতলাবৰিৰ প্ৰবীণ সাংবাদিকজনক বিশ্বনাথৰ জে কে হাস্পতাল আৰু গুৱাহাটীৰ দিছপুৰ প’লি ক্লিনিকত চিকিৎসা কৰোৱা হৈছিল।

দেওবাৰে নিজা বাসভৱনত মৃত্যুক সাৱটি লয় বৰঠাকুৰে।

৭৯বৰ্ষীয় প্ৰবীণ সাংবাদিক গৰাকীৰ মৃত্যুত বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱ, গহপুৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।

বিশিষ্ট সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বৰঠাকুৰৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰাজ্যৰ অসংগঠিত সাংবাদিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সুৰেশ চন্দ্ৰ বৰঠাকুৰে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল।

Related News