NORTHEAST NOW (Assamese)

মাত্ৰ ১৩ হাজাৰ টকাৰ দৰমহা! অফিচৰ ধন চুৰি কৰি প্ৰেয়সীক ফ্লেট, BMW উপহাৰ যুৱকৰ

December 26, 2024 6:08 pm · এন ই নাও নিউজ, গুৱাহাটী

পূৰ্বে ১৩ হাজাৰ টকাৰ দৰমহাত চৰকাৰী ক্ৰীড়া কমপ্লেক্সত কাম কৰিছিল যুৱকজনে। কিন্তু তেওঁ প্ৰেমিকাক উপহাৰ দিলে ৪ বিএইচকে ফ্লেট, বিএমডব্লিউ। মহাৰাষ্ট্ৰৰ এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হৰ্শল কুমাৰ নামৰ যুৱকজনে ছাত্ৰপতি সম্ভাজীনগৰৰ চৰকাৰী ক্ৰীড়া কমপ্লেক্সত কাম কৰিছিল। এই ২৩ বছৰীয়া যুৱকে কোম্পানীটোৰ পৰা ২১ কোটি টকা চুৰি কৰিলে! ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ এগৰাকী সহযোগী যশোদা শ্বেট্টী আৰু তেওঁৰ স্বামী জীৱনক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰৱঞ্চনাত হৰ্ষলক তেওঁলোকে সহায় কৰা বুলি দাবী কৰে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে হৰ্ষলে কোম্পানীটোৰ পুৰণি লেটাৰহেড ব্যৱহাৰ কৰি বেংকটোক ইমেইল কৰি কোম্পানীটোৰ ইমেইল একাউণ্ট সলনি কৰিবলৈ অনুৰোধ জনাইছিল। হৰ্ষলে আচলতে নিজে আন এটা ইমেইল একাউণ্ট খুলি অফিচৰ ঠিকনাৰ লগত লিংক কৰিলে। মূল ইমেইল ঠিকনাটোৰ লগত মাত্ৰ এটা আখৰৰ পাৰ্থক্য আছিল। বেংকে নতুন ইমেইলটো কোম্পানী একাউণ্টৰ সৈতে লিংক কৰাৰ লগে লগে তেওঁ কোম্পানীটোৰ সকলো অটিপি আৰু অন্যান্য তথ্য লাভ কৰি আছিল।

ইয়াৰ পিছত হৰ্ষলে কমেও ১৩টা বেংক একাউণ্ট খুলি যোৱা ১ জুলাইৰ পৰা ৭ ডিচেম্বৰৰ ভিতৰত ২১.৬ কোটি টকা ট্ৰেন্সফাৰ কৰে। অফিচৰ একাউণ্টত ইণ্টাৰনেট বেংকিং সেৱা খুলি এই কাম কৰিছিল। আৰক্ষীয়ে গম পালে যে এই টকাৰে তেওঁ প্ৰেমিকাক ৪ বি এইচ কেৰ ফ্লেট, ১.২ কোটি টকাৰ BMW গাড়ী উপহাৰ দিছিল। ইয়াৰ উপৰিও হৰ্শলে ১.৩ কোটি টকাৰ গাড়ী, ৩২ লাখ টকাৰ BMW বাইক ক্ৰয় কৰিছিল।

আৰক্ষীৰ মতে, হৰ্ষল আৰু বাকী দুজনৰ বাহিৰেও এই ঘটনাত কাৰ্যালয়ৰ আন বহু লোক জড়িত হৈ আছে। ইতিমধ্যে হৰ্শলে ক্ৰয় কৰা সকলো সম্পত্তি জব্দ কৰা হৈছে। কিন্তু হৰ্ষলক এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই। তেওঁৰ কাৰ্যালয়ৰ বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আৰক্ষীৰ তদন্তৰ সময়ত এই ঘটনা পোহৰলৈ আহে।

Related News