সুৰা নিষিদ্ধ ৰাজ্যৰ বিধান সভা চৌহদতে উদ্ধাৰ সুৰাৰ বটল!

Bihar

ৰাজ্যত নিষিদ্ধ কৰা হৈছে সুৰাৰ প্ৰচলন, অথচ ৰাজ্যৰ বিধানসভা চৌহদতে উদ্ধাৰ সুৰাৰ বটল!

এই ঘটনা সংঘটিত হৈছে বিহাৰত। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে ৰাজ্যখনত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সপক্ষে প্ৰতিশ্ৰুতি লোৱাৰ ঠিক এদিন পিছতে মঙলবাৰে বিহাৰ বিধানসভা চৌহদত উদ্ধাৰ হয় কেইবাটাও খালী সুৰাৰ বটল।

ঘটনাটোক গৰিহণা দি বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পদত্যাগ কৰিবলৈ দাবী জনায়। লগতে ৰাজ্যখনত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ দাবী তোলে যাদৱে।

তেজস্বী যাদৱে কয়, “এইটো এটা গুৰুতৰ বিষয়, ৰাজ্যজুৰি সুৰাৰ বটল পোৱা গৈছে। সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা থাকিব লাগে।”

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, “এয়া অতি গুৰুতৰ বিষয়। এটা অনুসন্ধান কৰাটো গুৰুত্বপূৰ্ণ। যদি অধ্যক্ষই অনুমতি দিয়ে তেন্তে আমি মুখ্য সচিব আৰু ডিজিপিক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিব পাৰোঁ।”

বিহাৰৰ নেচনেল ডেমক্ৰেটিক এলায়েন্সৰ বিধায়কসকলে নীতিশ কুমাৰৰ সুৰা নিষিদ্ধকৰণৰ সিদ্ধান্তৰ সপক্ষে সমৰ্থনৰ ঠিক এদিন পিছতে খালী সুৰাৰ বটলবিলাক পোৱা গৈছে।উল্লেখ্য যে বিধায়কসকলে সোমবাৰে ৰাজ্যজুৰি সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰাৰ ৰাজ্য চৰকাৰৰ পদক্ষেপক সমৰ্থন কৰাৰ বাবে সৰ্বসন্মতভাৱে সংকল্প লৈছিল।

বিধানসভা অধিৱেশনৰ আৰম্ভণিৰ দিনা বিৰোধীয়ে নীতিশ কুমাৰ চৰকাৰক ৰাজ্যত সুৰা মাফিয়াক নিয়ন্ত্ৰণ কৰাত বিফল হোৱাৰ বাবে সমালোচনাৰ লক্ষ্য কৰি লয়।

সুৰা নিষিদ্ধকৰণক কেৱল চমক বুলি অভিহিত কৰি তেজস্বী যাদৱে কয় যে নীতিশ কুমাৰৰ আৰক্ষীয়ে কেৱল সুৰা গ্ৰাহকসকলক গ্ৰেপ্তাৰ কৰি আছে, আনহাতে সুৰা মাফিয়াসকল যিসকল প্ৰকৃত অপৰাধী তেওঁলোকে মুক্তভাৱে ঘূৰি ফুৰিছে।

ৰকেৱলাজ্য চৰকাৰৰ সোপাঢিলা নীতিৰ ফলত দৰিদ্ৰ গাওঁবাসীয়েহে হয় মৃত্যুমুখত পৰিছে বা গ্ৰেপ্তাৰ হৈছে বুলি তেওঁ অভিযোগ কৰে।