NORTHEAST NOW (Assamese)

আৰক্ষীৰ গুলীত ড্ৰাগছ বেপাৰী নিহত : গুলীয়াগুলীত আহত দুই সাধাৰণ নাগৰিক

December 3, 2023 9:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 3, 2023 8:50 pm

দেওবাৰে পুৱ কামৰূপ জিলাৰ অজ্ঞাথুৰীত আৰক্ষীৰ এনকাউণ্টাৰত এজন সন্দেহযুক্ত ড্ৰাগছ বেপাৰী নিহত হোৱাৰ বিপৰীতে আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

খবৰ অনুসৰি অঞ্চলটোত AS 01 FQ 8535 Swift গাড়ীৰে তিনিজনীয়া ড্ৰাগছ বেপাৰীৰ এটা দল উপস্থিত হয়।

গোপন সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক, এছটিএফ কল্যাণ পাঠকৰ নেতৃত্বত বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) এটা দল সেই স্থানত উপস্থিত হৈ গাড়ীখন ৰখাবলৈ চেষ্টা কৰে।

চুইফ্ট বাহনত অহা ড্ৰাগছ বেপাৰীৰ দলটোৱে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে, যাৰ বাবে আৰক্ষীৰ দলটোৱে প্ৰতুত্তৰ দিয়ে।

ইয়াৰ পিছতে এছটিএফৰ দলটোৱে গাড়ীখন ৰখাই ড্ৰাগছ বেপাৰীক আটক কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে, মৃত লোকজন গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ লৰ্ড ছালাম বুলি চিনাক্ত কৰা হৈছে।

আন দুজন সহযোগী ক্ৰমে হিৰণ্য ঠাকুৰীয়া আৰু ফাইজুক হকক কামৰূপৰ টি আৰ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষী আৰু ড্ৰাগছ বেপাৰীৰ মাজত হোৱা গুলীয়াগুলীৰ সময়ত আৰক্ষী কনিষ্টবল হিমা দাসো গুলীত আঘাতপ্ৰাপ্ত হৈছে।

ইফালে নূৰ ইছলাম আৰু ৰেবাতী ভৰালী নামৰ দুজন সাধাৰণ নাগৰিকো এই গুলীয়াগুলীত আঘাতপ্ৰাপ্ত হয়। তেওঁলোক বৰ্তমান অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

Related News