ধোনীৰ ক্ৰিকেট কেৰিয়াৰ শেষ নেকি? BCCI-ৰ খেলুৱৈৰ বাৰ্ষিক চুক্তিৰ তালিকাত নাহিল নাম

MS Dhoni

মহেন্দ্ৰ সিং ধোনী

ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীক বাদ দি বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে(বি চি চি আই)২০২০ বৰ্ষৰ বাবে খেলুৱৈৰ বছৰেকীয়া চুক্তিৰ তালিকা ঘোষণা কৰে।

বি চি চি আয়ে প্ৰকাশ কৰা তালিকাত মুঠ ২৭ গৰাকী ক্ৰিকেটাৰৰ নাম অন্তৰ্ভূক্ত হৈছে য’ত নাম নাই ধোনীৰ।

বিগত বৰ্ষৰ চুক্তিত প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী গ্ৰেড-এ তালিকাত আছিল যদিও এইবাৰৰ চুক্তি তালিকাত তেওঁ স্থান দিয়া নহ’ল।

২০১৯ বৰ্ষৰ বিশ্বকাপত অন্তিম বাৰৰ বাবে ভাৰতীয় দলৰ হৈ খেলিছিল ৩৮ বছৰীয়া মহেন্দ্ৰ সিং ধোনীয়ে।

ধোনীয়ে বিশ্বকাপৰ পাছত ৱেষ্ট ইণ্ডিজ ভ্ৰমণ, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাতো দলত উপলব্ধ নাছিল।

বিভিন্ন মহলত প্ৰশ্ন উঠিছে যে, বি চি চি আইয়ে প্ৰকাশিত খেলুৱৈৰ বাৰ্ষিক চুক্তিৰ তালিকাত ধোনীৰ নাম অন্তৰ্ভূক্ত নকৰি খেলুৱৈ গৰাকীক অৱসৰ গ্ৰহণ কৰাৰ বাবে চাপ প্ৰয়োগৰ চেষ্টা কৰিছে।

বি চি চি আইৰ খেলুৱৈ সকলৰ বাৰ্ষিক চুক্তি গ্ৰেড এ+, গ্ৰেড এ, গ্ৰেড বি আৰু গ্ৰেড চি এই চাৰিটা ভাগত বিভক্ত।

গ্ৰেড-এ প্লাছত স্থান লাভ কৰা খৈলুৱৈ সকলে ৭ কোটি, গ্ৰেড এৰ খেলুৱৈয়ে ৫ কোটি, গ্ৰেড বিৰ খেলুৱৈয়ে ৩ কোটি আৰু গ্ৰেড চিৰ খেলুৱৈয়ে ১ কোটি টকা বি চি চি আইৰ পৰা দৰমহা হিচাপে লাভ কৰে।

বি চি চি আইৰ বৃহস্পতিবাৰে প্ৰকাশিত বাৰ্ষিক চুক্তিত স্থান লাভ কৰা খেলুৱৈ সকল-

Grade A+

বিৰাট কোহলী, ৰোহিত শৰ্মা, জাছপ্ৰীত বুমৰাহ।

 Grade A

বৰি আশ্বিন, ৰবিন্দ্ৰ জাদেজা, ভূৱনেশ্বৰ কুমাৰ, চেতেশ্বৰ পূজাৰা, আজিংক ৰাহানে, কে এল ৰাহুল, শিখৰ ধাৱান, মহম্মদ শ্বামী, ইশান্ত শৰ্মা, কুলদ্বীপ যাদৱ আৰু ঋষভ পণ্ট।

Grade B

ঋদ্ধিমান সাহা, উমেশ যাদৱ, যুৱেন্দ্ৰ চাহল, হাৰ্দিক পাণ্ডেয়া আৰু মায়াংক আগৰৱাল।

Grade C

কেডাৰ যাদৱ, নৱদ্বীপ চাইনী, দীপক চহৰ, মনীষ পাণ্ডে, হনুমা বিহাৰী, চাৰ্দুল ঠাকুৰ, শ্ৰেয়াছ আয়াৰ আৰু ৱাশ্বিংটন সুন্দৰ।