NORTHEAST NOW (Assamese)

খনি কেলেংকাৰী গোচৰত এইবাৰ সাঙোৰ খালে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নাম: ইডি-ৰ চমন

November 2, 2022 11:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 2, 2022 12:11 pm

ঝাৰখণ্ডৰ চৰ্চিত খনি কেলেংকাৰীৰ গোচৰত এবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নাম। খনি কেলেংকাৰীৰ সৈতে জড়িত ধন ৰপ্তানিৰ তদন্তৰ বাবে হেমন্ত ছোৰেনলৈ চমন জাৰি কৰিছে গোচৰৰ তদন্ত কৰি থকা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কাইলৈ ৰাঁচীস্থিত আঞ্চলিক কাৰ্যালয়ত জেৰাৰ বাবে ছোৰেনক উপস্থিত হ’বলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সহায়ক পংকজ মিশ্ৰ আৰু আন দুগৰাকী অভিযুক্তক গোচৰটোত গ্ৰেপ্তাৰ কৰিছিল।

তদন্ত সংস্থাটোৱে জুলাইত ৰাজ্যজুৰি অভিযান চলাই পংকজ মিশ্ৰৰ বেংক একাউণ্টৰ পৰা ১১.৮৮ কোটি টকা জব্দ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ ঘৰত ৫.৩৪ কোটি টকা হিচাপ বিহীন নগদ ধনো উদ্ধাৰ কৰিছিল ইডিয়ে।

ইডি- এ উল্লেখ কৰা মতে, অভিযানৰ সময়ত তদন্ত সংস্থাটোৱে গোচৰটোৰ মুখ্য অভিযুক্ত মিশ্ৰৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ এখন পাছবুক আৰু তেওঁৰ দ্বাৰা স্বাক্ষৰিত কিছুসংখ্যক চেক উদ্ধাৰ কৰিছিল।

গোচৰৰ চাৰ্জশ্বীটত ইডি- এ হেমন্ত ছোৰেনৰ ৰাজনৈতিক প্ৰতিনিধি পংকজ মিশ্ৰই তেওঁৰ সহযোগীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিধানসভা সমষ্টি ববৰহাটত অবৈধ খনন ব্যৱসায় নিয়ন্ত্ৰণ কৰে বুলি দাবী কৰিছিল।

ইয়াৰ পাছতে পংকজ মিশ্ৰ আৰু তেওঁৰ দুগৰাকী সহায়ক- বাচ্ছু যাদৱ আৰু প্ৰেম প্ৰকাশৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছিল। বিগত আগষ্ট মাহত তদন্ত সংস্থাটোৱে ছোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদকো এই গোচৰ সন্দৰ্ভত জেৰা কৰিছিল।

মুখ্যমন্ত্ৰী চোৰেনে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি শিলৰ খনিৰ লীজ নিজৰ নামত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ৰঘূবৰ দাসে।

ইয়াৰ দ্বাৰা ছোৰেনে নিৰ্বাচনৰ নিয়ম উলংঘা কৰিছে বুলি অবিযোগ কৰি হেমন্ত চোৰেনক বিধায়ক হিচাপে অযোগ্য ঘোষণাৰ দাবী তুলিছিল বিৰোধী দলটোৱে। লগতে মুখ্যমন্ত্ৰী ছোৰেনক নৈতিকতাৰ ভিত্তিত পদত্যাগ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে।

সমসাময়িকভাৱে বিজেপিয়ে শাসকীয় দলটোৰ বিধায়কক দলত্যাগৰ বাবে প্ৰৰোচিত কৰা চৰকাৰ উৎখাত কৰাৰো চেষ্টা চলায়। চৰকাৰ পতনৰ আশংকাত মিত্ৰজোঁটৰ চৰকাৰৰ ৩১ গৰাকী বিধায়কক কংগ্ৰেছ শাসিত ছত্তীশগড়লৈ পলুৱাই পঠাব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

মুখ্যমন্ত্ৰী ছোৰেন তথা শাসনাধিষ্ঠ চৰকাৰে বিজেপিয়ে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ আৰ্হি অনুসৰণ কৰি ঝাৰখণ্ডতো এনে ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলক দলত্যাগৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Related News