আই পি এলৰ প্ৰথম সপ্তাহত খেলাৰ সম্ভাৱনা ক্ষীণ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈৰ

ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ খেলুৱৈ সকলে আই পি এলৰ প্ৰথম সপ্তাহত খেলিব নোৱাৰাৰ সম্ভাৱনাই দেখা দিছে।

দুয়োখন দেশৰ মাজত ছেপ্তেম্বৰৰ প্ৰথমভাগত ছয়খন এদিনীয়া ক্ৰিকেট মেচৰ শৃংখলা অনুষ্ঠিত হোৱাৰ কথা আছে যাৰ ফলত দুয়োখন দেশৰ খেলুৱৈ সকলে প্ৰথম সপ্তাহ আই পি এলত উপস্থিত থাকিব নোৱাৰিব পাৰে।

অষ্ট্ৰেলিয়া-ইংলেণ্ডৰ মাজৰ শৃংখলা ১৬ ছেপ্তেম্বৰত সামৰণি পৰিব আৰু আই পি এল ১৯ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব।

কিন্তু চলিত বৰ্ষত ক’ৰ’না মহামাৰীৰ বাবে আই পি এলত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলে ছয়দিন বাধ্যতামূলক কোৱাৰেণ্টাইনত থাকিব লাগিব যাৰফলত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ খেলুৱৈ সকলে আই পি এলৰ প্ৰথম সপ্তাহত খেলিব পৰাৰ সম্ভাৱনা ক্ষীণ।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত আই পি এল ভাৰতৰ পৰিৱৰ্তে য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে।

আই পি এলত ডেভিদ ৱাৰ্ণাৰ, ষ্টিভ স্মিথ, বেন ষ্টোক, জ’ বাটলাৰকে ধৰি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ ভালেকেইগৰাকী খেলুৱৈ বিভিন্ন দলৰ হৈ অংশ ল’ব।