লক্ষ্য আছিল ৪১৫ ৰানৰ। সেই লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই চাউথামপটনত অনুষ্ঠিত তৃতীয়খন এদিনীয়াত মাত্ৰ ৭২ ৰানত অল আউট হয়। ইংলেণ্ডে ৩৪২ ৰানত জয়লাভ কৰি এদিনীয়াত সৰ্বাধিক ব্যৱধানত জয়ৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
পূৰ্বৰ এখন এদিনীয়াত সৰ্বাধিক জয়ৰ ব্যৱধানৰ অভিলেখ আছিল ৩১৭ ৰান। ২০২৩ চনত তিৰুৱনন্তপুৰমত ভাৰতে এই ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰিছিল।
জেকব বেথেল আৰু জো ৰুটৰ শতকৰ ওপৰত নিৰ্ভৰ কৰি ইংলেণ্ডে ৫ উইকেটত ৪১৪ ৰান সংগ্ৰহ কৰে। এই ৰান খেদি প্ৰটিয়াছৰ দলটোৱে ২০.৫ অভাৰত ৭২ ৰান সংগ্ৰহ কৰি অল আউট হয়। অৱশ্যে দলটোৰ অধিনায়ক টেম্বা বাভুমাই আঘাতৰ বাবে বেটিং কৰা নাছিল।
ৰাণ অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ৭ ৰানত ৪ উইকেট, ২৪ ৰানত ৬ আৰু ৫৭ ৰানত ৮ উইকেট হেৰুৱায়। দলটোৰ হৈ সৰ্বাধিক ২০ ৰান সংগ্ৰহ কৰে কৰ্বিন বছে। এদিনীয়া কেৰিয়াৰৰ প্ৰথম পাঁচখন খেলত কমেও পঞ্চাশ ৰান কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা মেথিউ ব্ৰিটজকে মাত্ৰ ৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
আনকি এদিনীয়া কেৰিয়াৰৰ প্ৰথম ৬ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো ভংগ কৰা নহ’ল ব্ৰিটজেকৰ। দক্ষিণ আফ্ৰিকাৰে য়ানেমান মালানে প্ৰথম ৬ ইনিংছত ৪৮৩ ৰান সংগ্ৰহ কৰিছিল। তেওঁ ব্ৰিটজেক ১৬ ৰাণত দূৰত ৪৬৭ ৰানতে ৰখাই দিয়ে।
এদিনীয়া মেচত ব্ৰিটজেক ৫০ ৰানতকৈ কম ৰানত প্ৰথম আউট কৰা বলাৰ জোফ্ৰা আৰ্চাৰ। ইংৰাজ ফাষ্ট বলাৰগৰাকীয়ে কেৱল ব্ৰিটজকেকে নহয়, দক্ষিণ আফ্ৰিকাৰ আন ৩ জন বেটছমেনকো আউট কৰে। যেতিয়া আৰ্চাৰে ৯ অভাৰত ১৮ ৰানত ৪ উইকেট দখল কৰিছিল, তেতিয়া দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল ৮.৫ অভাৰত ১৮/৫। ইয়াৰ পিছত প্ৰটিয়াছসকলে আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে।
ইয়াৰ পূৰ্বে ইংলেণ্ডে জো ৰুট আৰু জেকব বেথেলৰ শতকত ভৰ কৰি ৫ উইকেটত ৪১৪ ৰান সংগ্ৰহ কৰিছিল। যিটো এদিনীয়াত দলটোৰ বাবে পঞ্চম সৰ্বাধিক। ইয়াৰ লগে লগে ইংৰাজে এই সংস্কৰণত ৭ বাৰ ৪০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। কেৱল দক্ষিণ আফ্ৰিকাইহে এই দুটা দলতকৈ ৪০০ ৰান বেছি – ৮ বাৰকৈ ৰান সংগ্ৰহ কৰিছে।
বেন ডাকেট আৰু জেমী স্মিথৰ উদ্বোধনী পাৰ্টনাৰশ্বিপে প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত দেওবাৰে শৃংখলাত পৰাস্ত হোৱা ইংলেণ্ডক ভাল আৰম্ভণি কৰে। ৩৩টা বলত ৩১ ৰান সংগ্ৰহ কৰি ডাকেটৰ বিদায়ত পাৰ্টনাৰশ্বিপ ভংগ হয়। তাৰ পাছত স্মিথ আৰু ৰুটে দ্বিতীয় উইকেটৰ বাবে ৫৮ ৰান সংযোজন কৰে। ৪৮ বলত ৬২ ৰান সংগ্ৰহ কৰি মহাৰাজৰ বলি হৈছিল স্মিথ।
ইয়াৰ পিছত ৰুট আৰু জেকব বেথেলে ইংলেণ্ডৰ আটাইতকৈ ডাঙৰ পাৰ্টনাৰশ্বিপ গঠন কৰে। ১৪৪টা বলত ১৮২ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়াৰ পিছত বেথেল মহাৰাজৰ দ্বিতীয় চিকাৰ হয়। ইয়াৰ পূৰ্বে ইংৰাজ বেটছমেনগৰাকীয়ে ১৫খন এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। বাওঁহতীয়া খেলুৱৈগৰাকীয়ে ৮২টা বলত ১৩টা চাৰি আৰু ৩টা ছয়ৰে ১১০ ৰান সংগ্ৰহ কৰে।
৪০.২ অভাৰত দলটোৰ ২৯৯ ৰাণত বেথেল আউট হয়। ইয়াৰ পাছতে ইংলেণ্ডে শেষৰ ৫৮টা বলত আৰু ১১৫ ৰান সংযোজন কৰে। ৯৬টা বলত ১০০ ৰান সংগ্ৰহ কৰি ৪৭ নং অভাৰত ৰুট আউট হৈ যায়। এয়া আছিল ৰুটৰ ১৮৩খন এদিনীয়া কেৰিয়াৰৰ ১৯ তম শতক।
ৰুট আউট হোৱাৰ পাছত ষষ্ঠ উইকেটত জোছ বাটলাৰ আৰু উইল জেকছে ১৯টা বলত ৪৩ ৰান সংযোজন কৰে। বাটলাৰে ৩২ বলত ৬২ ৰান আৰু জেকছে ৮ বলত ১৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।