ক্ৰাইষ্টচাৰ্চত উদযাপিত হোৱাৰ দিশত ইংলেণ্ডৰ দিন। ৩১৯ ৰানেৰে দিনটোৰ আৰম্ভণি কৰা ইংলেণ্ডে প্ৰথম ইনিংছত ৪৯৯ ৰান সংগ্ৰহ কৰে। লাভ কৰে ১৫১ ৰানৰ অগ্ৰগতি। প্ৰথম ইনিংছত ইমান ডাঙৰ ঘাটি পূৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিউজিলেণ্ডে ৬টা উইকেট হেৰুৱাছে।
তৃতীয় দিনৰ শেষত তেওঁলোকৰ সংগ্ৰহ হৈছে মাত্ৰ ১৫৫ ৰান ৬ উইকেটত। অগ্ৰগতি মাত্ৰ ৪ ৰানৰ। হাতত মাত্ৰ ৪ টা উইকেট। ইয়াৰ অৰ্থ হ’ল ক্ৰাইষ্টচাৰ্চ টেষ্টৰ তৃতীয় দিনৰ শেষলৈকে ইংলেণ্ডৰ মেচখনৰ ওপৰত নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হৈছে। এতিয়া নিউজিলেণ্ডৰ একমাত্ৰ আশা ডেৰিল মিচেলৰ ওপৰত। সোঁহাতৰ বেটছমেনগৰাকীয়ে ৩১ ৰানত অপৰাজিত হৈ আছে।
দ্বিতীয় ইনিংছত আৰম্ভণিৰে পৰা নিয়মীয়া ব্যৱধানত কিউই দলে উইকেট হেৰুৱাইছিল। ২৩ ৰানৰ ভিতৰতে উভতি আহে দুজন অ’পেনাৰ ডেভন কনৱে আৰু টম লেথামে। তাৰ পাছত কেন উইলিয়ামছন আৰু ৰাচিন ৰবীন্দ্ৰই ৪১ ৰানৰ যুটী বান্ধে।
ৰবীন্দ্ৰ যেতিয়া ব্যক্তিগত ২৪ ৰাণত আউট হৈছিল, তেতিয়া উইলিয়ামছনে মিচেলৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। এই যুটিৰ পৰা ৬৯ ৰান আহিছিল। ইনিংছৰ এটা পৰ্যায়ত নিউজিলেণ্ডে ৩ উইকেটত ১৩৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে ক্ৰীছ ৱ’কেছৰ বলত ব্যক্তিগত ৬১ ৰানত উইলিয়ামছন আউট হোৱাৰ লগে লগে যুটিটো ভাঙি যায়।
উইলিয়ামছনে ৬১ ৰানৰ ইনিংছৰ পথত নিউজিলেণ্ডৰ প্ৰথম টেষ্ট বেটছমেন হিচাপে ৯০০০ টেষ্ট ৰাণৰ মাইলৰ খুঁটিত উপনীত হয়। টেষ্ট কেৰিয়াৰত ১০০০ টা চাৰি মৰাৰ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ সুযোগো লাভ কৰিছিল। কিন্তু এতিয়াৰ বাবে ৯৯৯ টা ফোৰতে ৰৈ থাকিব লগা হ’ল।
উইলিয়ামছনক এল বি ডব্লিউ আউট কৰাৰ পিছতে ৱ’কেছে টম ব্লুণ্ডেলক আউট কৰে। ইংলেণ্ডে একেৰাহে দুটা বলত দুটা উইকেট দখল কৰি খেলখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তাৰ পাছত দিনটোৰ শেষত প্ৰথম ইনিংছত ৫৮ ৰান সংগ্ৰহ কৰা গ্লেন ফিলিপছ আউট হয়। ব্ৰাইডন কাৰ্ছ আৰু অকেছে ৩টাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ৫ উইকেটত ৩১৯ ৰান কৰি দিনটো আৰম্ভ কৰা ইংলেণ্ডে তৃতীয় দিনা ৩৮১ ৰানত প্ৰথমটো উইকেট হেৰুৱাইছিল। হেৰী ব্ৰুক ১৭১ ৰান সংগ্ৰহ কৰি উভতি আহে। নৱম বেটছমেন হিচাপে আউট হোৱাৰ পূৰ্বে অধিনায়ক বেন ষ্ট’কছে ৮০ ৰান সংগ্ৰহ কৰে।
ইংলেণ্ডে ষ্ট’কছ আৰু ব্ৰুক যুটিত ১৫৯ ৰান সংগ্ৰহ কৰে। ষ্ট’কছে গাছ এটকিনছনৰ সৈতেও ৬৩ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। ব্ৰাইডন কাৰ্ছৰ সৈতে যুটিত ৪০ ৰান সংযোজন কৰে। মূলতঃ ইংলেণ্ডে তৃতীয় দিনৰ পুৱা ১৮০ ৰান সংযোজন কৰিবলৈ সক্ষম হয়। মেট হেনৰীয়ে ৪টা, নাথান স্মিথে ৩টা উইকেট লাভ কৰে।
সংক্ষিপ্ত স্ক’ৰ:
নিউজিলেণ্ড ৩৪৮ আৰু ১৫৫/৬ (উইলিয়ামছন ৬১, মিচেল ৩১; ৱ’কেছ ৩/৩৯, কাৰ্ছ ৩/২২)।
ইংলেণ্ড: ৪৯৯ (ব্ৰুক ১৭১, ষ্ট’কছ ৮০; হেনৰী ৪/৮৪, স্মিথ ৩/১৪১)।