ৰাজস্থানৰ উদয়পুৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে আৰক্ষীয়ে অভিযুক্ত ৰামলাল গামেটিক গ্ৰেপ্তাৰ কৰে আৰু মঙলবাৰে আদালতত হাজিৰ কৰে।
আৰক্ষীৰ তথ্য অনুসৰি ভুক্তভোগী নাবালিকা গৰাকীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে।
এই ঘটনাৰ প্ৰতিবাদত সোমবাৰে থানাত সমবেত হোৱা গাঁওবাসীয়ে একাংশ লোকৰ প্ৰৰোচনাত আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। বহু আৰক্ষী আহত হোৱাৰ লগতে বাহনসমূহো ভাঙি পেলোৱা হৈছে।
এই অশান্তিৰ পৰিপ্ৰেক্ষিতত বহু থানাৰ পৰা আৰক্ষী বাহিনীক মাতি অনা হয়। ইয়াৰ উপৰিও উদয়পুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়াও সেই স্থানত উপস্থিত হয়।
উদয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জনা সুখৱালে কয় যে, “এই কাণ্ডৰ পিছত আমি অভিযুক্তজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছো। তেওঁ মাছমৰীয়াৰ কাম কৰে। শৌচ কৰিবলৈ যোৱা ছোৱালীজনীক ধৰ্ষণ কৰি তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে।”
এ এছ পি অঞ্জনা সুখৱালে আৰু কয়, “থানাত সমবেত লোকসকলক উচটনি দিয়া হৈছিল। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ৩৬ জন লোকক আটক কৰি ৰখা হৈছে। ৭ জন নাবালকক কিশোৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ ১৩খন বাহনো জব্দ কৰা হৈছে।”
এ এছ পিৰ তথ্য অনুসৰি শিলগুটি নিক্ষেপত চাৰিজন আৰক্ষী আহত হোৱাৰ লগতে ৬খন চৰকাৰী বাহনকে ধৰি ৮খন বাহনৰ ক্ষতিসাধন হৈছে। আৰক্ষীয়ে কয় যে এতিয়া অঞ্চলটো সম্পূৰ্ণ শান্ত।