NORTHEAST NOW (Assamese)

স্কটলেণ্ডৰ পৰা জাহাজেৰে চীনলৈ তুলি নিয়া হ’ল হুইস্কীৰ সমগ্ৰ প্ৰকল্প!

July 16, 2021 7:56 pm · এন ই নাও নিউজ

সুৰা বুলি ক’লেই স্কটলেণ্ডত প্ৰস্তুত কৰা সুৰাৰ কথাই বহুতৰে মনলৈ আহে।

বিশ্বৰ বিখ্যাত ব্ৰেণ্ডৰ সুৰা স্কটলেণ্ডতে প্ৰস্তুত কৰা হয়। সেই স্কটলেণ্ডৰ পৰাই হুইস্কীৰ সমগ্ৰ প্ৰকল্প এটা জাহাজেৰে চীনলৈ কঢ়িয়াই নিয়া হ’ল।

আজি স্কটলেণ্ডৰ বাকি নামৰ ঠািই খনৰ পৰা চীনৰ টিয়ানজিনলৈ কঢ়িয়াই নিয়া হ’ল হুইস্কী উদ্যোগৰ ৩৫ টন ওজনৰ বিভিন্ন যন্ত্ৰ-পাতি।

চীনৰ মংগোলীয়া অঞ্চলত সেই হুইস্কী উদ্যোগ স্থাপন কৰা হ’ব।

‘ডিজাইন এণ্ড বিল্ড’ চুক্তিৰ আধাৰতে স্কটলেণ্ডৰ পৰা হুইস্কী উদ্যোগ চীনলৈ স্থানান্তৰিত কৰা হয়।

উল্লেখ্য এই প্ৰকল্প স্থানান্তৰিত কৰাৰ বাবে ২০১৯ চনতে স্কটলেণ্ডৰ ভেলেণ্টাইন ইণ্টাৰনেছনেল আৰু চীনৰ মেংটাই গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছিল।

ভেলেণ্টাইন ইণ্টাৰনেছনেলৰ অধ্যক্ষ ডেভিড ভেলেণ্টাইনে এই প্ৰসংগত কয় যে মেংটাই গ্ৰুপৰ অধ্যক্ষ আঅ’ ফেংটাইনে হুইস্কীৰ এক বিশ্বজনীন ৰূপৰ কথা চিন্তা কৰিছিল।

সেইবাবেই আজি জাহাজেৰে চীনলৈ হুইস্কীৰ প্ৰকল্পটো তুলি নিয়া হয়।

Related News