চীনৰ পাবজীৰ দৰে অনলাইন গেম ভাৰতত নিষিদ্ধ হোৱাৰ পিছতে দেশীয় ভাবেই বহু কেইবিধ অনলাইন গেম প্ৰস্তুত হৈ উঠিছে।
শেহতীয়াকৈ দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে অনলাইন মাল্টিপ্লেয়াৰ গেম হৈছে Hind warfare।
নতুন দিল্লীস্থ ডিজিটেল প্ৰডাকছন হাউছ টিচিপি ডিজিটেলৰ ভগ্নী সংস্থা মনষ্টাৰ বান্নী ষ্টুডিঅ’ই প্ৰস্তুত কৰা এই ৰোমাঞ্চকৰ অনলাইন মাল্টিপ্লেয়াৰ গেমত ভাৰতীয় কামাণ্ডাৰসকলৰ সাহসিকতা সুন্দৰ ভাবে ফুটি উঠিব।
অনলাইনত এই গেম খেলি সেয়ে যিকোনো লোকেই পাবজী খেলি পোৱা আমেজতকৈও বেছি আমেজ লভিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। Hind warfare
দেশৰ প্ৰতিটো প্ৰান্ততে বাস কৰা অনলাইন গেম প্ৰিয়সকলৰ সন্তুষ্টিৰ কথা চিন্তা কৰিয়েই Hind warfare গেমত ভাৰতৰ বিভিন্ন স্থানৰ দৃশ্য অন্তভূৰ্ক্ত কৰা হৈছে।
এক কথাত কবলৈ গ’লে এই গেমত সম্পূৰ্ণ ভাৰতীয় চিত্ৰপটক ফুটাই তোলা হৈছে।
ভাৰতীয় কামাণ্ডাৰে কিদৰে সাহসিকতাৰে শত্ৰু পক্ষৰ মুখামুখি হ’ব পাৰে সেয়া এই গেম খেলাসকলে হাড়ে-হিমজুৱে উপলব্ধি কৰিব পাৰিব।
গেমটোত সকলো দৃশ্যপট নিৰৱচ্ছিন্ন গৱেষণা আৰু পৰ্যবেক্ষণৰ মাজেৰে অন্তৰ্ভূক্ত কৰা হৈছে।এই গেমত অন্তৰ্ভূক্ত স্থানৰ ভিতৰত ৩০০ বছৰ আগতে পৰিত্যক্ত হৈ পৰা ৰাজস্থানৰ ভৌতিক গাঁও হিচাবে পৰিচিত কুলধাৰাক অন্মতৰ্নোভূক্ৰত কৰা হৈছে।
মনোৰম প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ তথা গছৰ শিপাৰে প্ৰস্তুত হোৱা মেঘালয়ৰ ‘লিভিং ব্ৰীজ’ আদিৰ দৃশ্যৰ লগতে ১৯২৭ চনতে নিৰ্মাণ কৰা ভাৰতৰ তৃতীয় বৃহৎ বন্দৰ ভিজাগ বন্দৰৰ দৃশ্যপট সন্নিবিষ্ট কৰা হৈছে।
চলিত বৰ্ষৰ ২ আগষ্টত Hind warfare গেমৰ প্ৰথম ট্ৰেইলাৰ মুকলি কৰা হ’ব। ৩ আগষ্টৰ পৰা আগতীয়া পঞ্জীয়ন আৰম্ভ হ’ব।
৩০ আগষ্টত মুকলি কৰা হ’ব Hind warfare গেমৰ বেটা ভাৰ্ছন।১ ছেপ্তেম্বৰত আৰম্ভ হ’ব গেমৰ পৰীক্ষণ পৰ্ব,১ অক্টোৱৰত Hind warfare গেম মুকলি কৰি দিয়া হ’ব অনলাইন গেম প্ৰিয়সকলৰ বাবে।
Hind warfare ত থাকিব ৮ টা চৰিত্ৰ। ইয়াৰে ৭ টা পুৰুষ চৰিত্ৰ আৰু ১ টা মহিলাৰ চৰিত্ৰ।প্ৰতিটো চৰিত্ৰই ভাৰতীয় সেনাৰ বীৰত্বৰে উদ্বুদ্ধ হৈ দক্ষতাৰে যুঁজ কৰিব।
এই গেমৰ আঁৰৰ মূল ব্যক্তি গৰাকী হৈছে ৰাহুল মহিপাল।
২০১২ চনত তেওঁ গিৰীশ জৈনৰ সৈতে লগলাগি আৰম্ভ কৰিছিল দ্য ক্ৰিয়েটিচিটি ষ্টুডিঅ’।২০১৯ চনত টিচিপি ডিজিটেলৰ জৰিয়তে সৃষ্টিৰ পথাৰ খনত বলিষ্ঠ খোজ পেলাইছিল।
অনলাইন গেমক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্য ২০২০ চনত তেওঁ আৰম্ভ কৰিছিল মনষ্টাৰ বান্নী ষ্টুডিঅ’।
উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ক গুৰুত্ব দি প্ৰস্তুত কৰা Hind warfare ৰ বিষয়ে অধিক জানিবলৈ এই প্ৰকল্পৰে অংশীদাৰ আত্ৰেয়ী দেউৰী (ফোন:৮৩৭৫০৮২৫৬৭) আৰু নৰোত্তম কৰ (ফোন:৯৫৬০২৮৬৯৮৩) ৰ সৈতে যোগাযোগ কৰিব পাৰে।