পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী পৰিৱেশকৰ্মীৰ
শালেকীসহ পাঁচখন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰিক্ষত বনাঞ্চললৈ উন্নীতকৰণৰ দাবী পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ।
গোস্বামীয়ে দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা শালেকী, টিৰাপ টিপং, দালাই আৰু দেওশালী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰিক্ষত বনাঞ্চল ঘোষণা কৰাৰ দাবীৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ জৰিয়তে শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি গোস্বামীয়ে কয় যে যদিহে সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণ নকৰে তেন্তে এই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকেইখন এদিন নিঃশেষ হৈ পৰিব।
উল্লেখ্য যে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ দাবীৰে গোস্বামীয়ে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
ইয়াৰ প্ৰায় ডেৰমাহৰ পিছতে সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে ইয়াৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰিছিল।
আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কালত গোস্বামীক সংগ দিয়ে লেখক অৰ্ণৱ শইকীয়াই।