পৰিৱেশবিদ ডঃ প্ৰণৱ জ্যোতি পাতৰলৈ ২০২১ বৰ্ষৰ সন্মানীয় SABERA পুৰস্কাৰ

index

ড০ প্ৰনৱজ্যোতি পাতৰ।

সামাজিক আৰু পৰিৱেশিক ক্ষেত্ৰখনলৈ ৰাষ্ট্রীয় পৰ্য্যায়ত আগবঢ়োৱা অৱদানৰ বাবে ডঃ ডঃ প্ৰণৱজ্যোতি পাতৰলৈ এই বছৰৰ Social Leader of The Year সন্মান আগবঢ়োৱা হৈছে।

পৰিৱেশবিদ হোৱা সত্ত্বেও সামাজিক দিশত যথেষ্ট আগ-ভাগ লোৱা ডঃ পাতৰে দুৰ্যোগৰ সময়ত মানৱীয় সহায় (বিশেষকৈ কোভিড-১৯ আৰু বানপানীৰ সময়ত), মহিলা সৱলীকৰণৰ বাবে দক্ষতা বিকাশ আৰু বৈকল্পিক জীৱিকা, পৰিৱেশ শিক্ষা আৰু সজাগতাৰ লগতে পাৰিপাৰ্শ্বিক প্ৰশিক্ষণ আৰু ক্ষমতা বিকাশৰ দৰে কেতবোৰ প্ৰকল্প হাতত লৈ বিশেষ সফলতা লাভ কৰিছে।

তেওঁৰ নয়দা ৰুটি বেংকলৈ অৱদান সৰ্বজনবদিত। এই বেংকে ক’ভিড লক-ডাউনৰ সময়ত ১৮ লাখতকৈ অধিক ৰুটি একত্ৰিত কৰি ৩.৫ লাখ ভোকাতুৰ লোকক খুৱাবলৈ সক্ষম হৈছিল। ইয়াৰ বাহিৰেও তেওঁৰ বিশেষ প্ৰচেষ্টা মেডিচিন বেংকে ২০০ কেজি ঔষধ অসম আৰু বিহাৰৰ বান বিধস্ত অঞ্চলৰ লোকক বিনামূলীয়া কৈ বিতৰণ কৰিছে।

ৰেণু সুদ কাৰ্ণাড –পৰিচালন সঞ্চালক এইচডিএফচি বেংক (জুৰী অধ্যক্ষ), ড০ ভাস্কৰ চেটাৰ্জী (আইএএছ) প্ৰাক্তন ডিজি – ভাৰতীয় কৰ্পোৰেট পৰিক্ৰমা প্ৰতিষ্ঠান, উদয় কুমাৰ বৰ্মা (আইএএছ) প্ৰাক্তন সচিব -তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (ভাৰত চৰকাৰ), মেথিউ চেৰিয়ান, অধ্যক্ষ – CARE ইণ্ডিয়া, কমল বালি, পৰিচালন সঞ্চালক – ভলভো ইণ্ডিয়া, গীতা গোৱেল, কাণ্ট্ৰী ডাইৰেক্টৰ – মাইকেল এণ্ড চুজান ডেল ফাউণ্ডেচনক লৈ গঠিত এক সন্মানীয় জুৰীয়ে ড০ প্ৰণৱজ্যেতিক সামাজিক-পৰিৱেশ ক্ষেত্ৰখনত তেওঁৰ উৎকৃষ্ট কামৰ বাবে ‘বছৰটোৰ সামাজিক নেতা’ হিচাপে বাছনি কৰে।

জানিব পৰা মতে, ড০ প্ৰণৱজ্যেতি পাতৰ, এই সন্মানীয় বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি।

ক’ভিড মহামাৰীক লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ চবেৰা বঁটা ডিচেম্বৰৰ ৯, ২০২১ তাৰিখে এক অনলাইন অনুষ্ঠানৰ মাধ্যমেৰে প্ৰদান কৰা হয় যত পদ্মশ্ৰী ড০ প্ৰকাশ আমটে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়, এইচডিএফচি বেংক লিমিটেডৰ এমডি ৰেণু সুদ কাৰ্ণাড,  ৰাষ্ট্ৰসংঘৰ মহিলা বঁটা প্ৰাপ্ত আৰু চবেৰা বঁটাৰ প্ৰতিষ্ঠাপক কিউৰেটৰ- সুপৰ্ণা চাড্ডা কে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

২০১৮ চনতে প্ৰতিষ্ঠা কৰা চবেৰা পুৰস্কাৰ (SABERA – Social And Business Enterprise Responsible Awards) সামাজিক ক্ষেত্ৰখনত এক বিশেষ নাম আছে, যিয়ে প্ৰতি বছৰে সমাজ কল্যাণ, দক্ষতা বিকাশ আৰু পৰিবেশ সংৰক্ষণ দিশত লোৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বাক্তিগত প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰি আহিছে।

যোৱা কেইবছৰত চবেৰা বঁটা লাভ কৰা লোক সকলৰ ভিতৰত আছে – ভাৰতী ফাউণ্ডেচনৰ বিজয় চাড্ডা, প্ৰোৎসাহান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সোণাল কাপুৰ, লেমন ট্ৰি হোটেলৰ পতঞ্জলি কেচৱানী, দিল্লী আৰক্ষীৰ যুটীয়া আয়ুক্ত চায়া শৰ্মা,  – লিড ইণ্ডিয়া ফেলো আৰু টেড এক্স বক্তা অংকিতা শৰ্মা, য়ুথ 4জবছৰ মীৰা শেনয়, সৰথক শিক্ষা ন্যাসৰ ড০ জীতেন্দ্ৰ আগৰৱাল, সমৰ্পন ফাউণ্ডেচনৰ পেট্ৰিক চান ফ্ৰান্সেস্কো, ল’তাস পিটেল ফাউণ্ডেচনৰ শালিনী ভৰদ্বাজ আদিকে ধৰি বহু কেইজন স্বনামধন্য ব্যক্তি।