বংগতে ভাৰতখনৰ সীমা? এইবাৰ ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি দাবী

Bhabendra Nath Saikia

অসমৰ প্ৰখ্যাত ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বোলছবি পৰিচালক ভবেন্দ্ৰ নাথ শইকীয়াক বাঙালী লেখক বুলি উপস্থাপন কৰিবলৈ ওলাইছে EPIC Channel নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা হিন্দী টিভি চেনেলে।

চেনেলটোৰ এটা জনপ্ৰিয় প্ৰগ্ৰাম Epic Icons-ত অসমৰ যশস্বী সাহিত্যিক, নাট্যকাৰজনৰ জীৱন সম্পৰ্কীয় এটা দৰ্শনী প্ৰদৰ্শন কৰা হ’ব।

কিন্তু চেনেলটোৱে ইয়াৰ এটা টুইটত অসমৰ প্ৰয়াত লেখকজনৰ বিষয়ে বিৱৰণ দিওঁতে তেওঁ বেংগালীত লেখা-মেলা কৰা বুলিহে মন্তব্য কৰে।

চেনেলটোৱে লিখিছে,  “#EPICIcon #BhabendraNathSaikia has written a remarkable collection of essays and children’s books in Bengali. He was honoured with the Sahitya Akademi Award and the Padma Shri for his contribution to literature.”

এই বিভ্ৰান্তিকৰ টুইটটো দৃষ্টিগোচৰ হোৱাৰ পিছত অসমৰ জ্যেষ্ঠ সাংবাদিক আৰু এজন ছবি নিৰ্মাতা উৎপল বৰপূজাৰীয়ে চেনেলটোক সমালোচনা কৰে আৰু ভুলটো দেখুৱাই দিয়ে।

বৰপূজাৰীয়ে নিজৰ টুইটটোত কয়, “বংগ পাৰ হৈও অসম বুলি এখন ঠাই আছে আৰু অসমীয়া বুলি এটা ভাষা আছে, যিটো বাঙালী নহয়”।

তাৰোপৰি বৰপূজাৰীয়ে এইদৰেও কয়, “আমি অসমীয়াসকলে বাঙালী সাহিত্য আৰু চিনেমা ভাল পাওঁ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনালোকে এজন প্ৰখ্যাত অসমীয়া লেখক-চিনেমা নিৰ্মাতাক বাঙালী বুলি ক’ব পাৰে”।

বৰপূজাৰীৰ উপৰি বহুসংখ্যকে চেনেলটোৰ ভুল আঙুলিয়াই দি তাৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাই টুইটৰ ৰিপ্লাই দিছে।

https://twitter.com/EpicChannelIn/status/1230337283309654018

১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰিত নগাৱঁত জন্মগ্ৰহণ কৰা ভৱেন্দ্ৰ নাথ শইকীয়াই অসমীয়া সাহিত্য আৰু চিনেমা জগত তথা নাট্য জগতলৈ অনবদ্য অৱদান আগ বঢ়াই গৈছে।

খুব উচ্চ মানৰ উপন্যাস, নাটক, গল্প লিখা প্ৰয়াত শইকীয়াই ১৯৭৬ চনত সাহিত্য একাডেমি লাভ কৰিছিল।

২০০৩ চনৰ ১৩ আগষ্টত শইকীয়াৰ মৃত্যু হয়। তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল।

প্ৰসংগ ক্ৰমে ক’ব পাৰি যে অসমৰ প্ৰখ্যাত দৌৰৰাণী হিমা দাসকো বংগৰ কন্যা হিচাপে পৰিচয় দি বাতৰি কৰিছিল কলকাতাৰ আগ শাৰীৰ সংবাদ প্ৰতিষ্ঠানে, যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।