• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাত সাগৰ তেৰ নদী পাৰ হৈ আমেৰিকাৰ বাণিজ্য মেলালৈ মাজুলীৰ এৰী বস্ত্ৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 26, 2019 2:22 pm
Screenshot_20190426-133735_Video Player

মাজুলীত এৰি সুতা কটাত ব্যস্ত কেইগৰাকীমান স্থানীয় মহিলা।

2.5k
VIEWS
Share on FacebookShare on Twitter

অচিৰেই  বিশ্ববাসীৰ আগত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী এৰী বস্ত্ৰ শিল্পৰ দ্বীপ হিচাপে চিনাকী লাভ কৰিব । ব্ৰহ্মপুত্ৰৰ বুকুৰ নদীদ্বীপক এৰী শিল্পজাত সামগ্ৰী ব্ৰেণ্ড ৰূপে গঢ়ি তুলিবলৈ কেইগৰাকীমান লোকে অব্যাহত ৰাখিছে নিৰলস প্ৰচেষ্ঠা। মুগা শিল্পই শুৱালকুছিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দৰে এৰী শিল্পযোগে মাজুলীক অদ্বিতীয় স্থান ৰূপে গঢ়ি তুলিবলৈ আগবাঢ়ি আহিছে মাজুলীৰ উদিয়মান শিক্ষিত যুৱক ৰজনীকান্ত বৰদলৈ আৰু তিনিচুকীয়াৰ অংগনা বৰদলৈ।

মাজুলীৰ এৰী শিল্পৰ এক গৌৰৱময় ইতিহাসৰ লগতে এৰি পলু পুহিব পৰা সুন্দৰ পৰিবেশ আছে । এই শিল্পক পুনৰুদ্ধাৰৰ কৰাৰ বাবে মহিলা সকলক লগত লৈ এক বিপ্লৱ সাধন কৰাৰ পণ লৈ দুয়োগৰাকীয়ে ২০১৬ চনৰ পৰা মাজুলীত এৰী শিল্পৰ আন্ত:গাঠনি আৰম্ভ কৰে।

মাত্ৰ দুটা বছৰৰ নিৰলস প্ৰচেষ্টাতে এই যাত্ৰাই সোণালী বাটত ভৰি দিয়ে। শেহতীয়াভাবে বৰদলৈ এৰি মিছনে  সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ আমন্ত্ৰণ লাভ কৰিছে। অহা জুন মাহত আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া এখন আন্তৰ্জাতিক বাণিজ্য মেলাত মাজুলীৰ এৰী কাপোৰে মাজুলীৰ তাঁত শিল্পক প্ৰতিনিধিত্ব কৰিব।

ইতিমধ্যে সেই আন্তজাৰ্তিক বাণিজ্য মেলাৰ লগত বৰদলৈ এৰী মিছনৰ এক তিনিবছৰীয়া চুক্তি চাক্ষৰ হৈছে। বাণিজ্য মেলালৈ প্ৰথম বাৰত ৫০০খন এৰি ষ্টল, এৰীৰ টেবুল ক্ল’থ, গাৰুৰ গিলিপ আৰু এৰি চাদৰ আদি প্ৰেৰণ কৰিব।

আনহাতে, চাহিদা অনুসৰি মাজুলীত সুতা উৎপাদন যিহেতু হোৱা নাই সেয়ে শিপিনিসকলক মাজুলীৰ বাহিৰৰ ঢকুৱাখনা, ঘিলামৰা, গোগামূখ, ডিমৌ, বৰহোলা আদি অঞ্চলৰ পৰা সুতা সংগ্ৰহ কৰি যোগান ধৰা হৈছে । এই মিছনত একোগৰাকী শিপিনীয়ে মাহে আঠৰ পৰা ন হাজাৰ টকালৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি বৰদলৈ এৰী মিচনত ১০০ গৰাকী শিপিনীয়ে নিতৌ বোৱা কটা অব্যাহত ৰাখিছে ।

 

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd