গৰাখহনীয়াক অচিৰেই ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দিয়া হ’ব : কেশৱ মহন্ত

index-3-750x375

জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

বানপানীৰ সমান্তৰালকৈ অসমৰ আন এক গুৰুতৰ সমস্যা হৈছে গৰাখহনীয়া। গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ ৰাজ্যখনৰ বিভিন্ন মহলত বহুদিন ধৰি উত্থাপিত হৈ অহা দাবীটোৱে মান্যতা পোৱাৰ বাবে আগবাঢ়িছে।

পঞ্চদশ বিত্ত আয়োগে অচিৰেই এই দাবী অচিৰেই পূৰ্ণ কৰিব বুলি জানিব দিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

অসম বিধানসভাত মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰী সোণোৱালে বিষয়টো পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ এন কে সিঙৰ আগত দাঙি ধৰিছে।

ৰাজ্যখনৰ পথ ও মথাউৰি নিৰ্মাণৰ বাবে কেন্দ্ৰীয় সাহায্য আগবঢ়াবলৈ মুখ্য মন্ত্ৰী সোণোৱালে প্ৰধান মন্ত্ৰীকো আহ্বান জনোৱা বুলি মহন্তই সদৰী কৰে।

উক্ত নিৰ্মাণে মথাউৰি সমূহ শক্তিশালী কৰাৰ লগতে যাতায়ত ব্যৱস্থাও উন্নীত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।

উল্লেখযোগ্য যে বানপানীৰ ফলত বছৰি ৰাজ্যখনৰ লাখ লাখ লোকে জীয়াতু ভূগি থকাৰ লগতে গৰা খহনীয়াৰ ফলত বহুলোকে ঘৰ-বাৰী এৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে।

গৰাখহনীয়াই বিদ্যালয়কে ধৰি বহু ৰাজহুৱা সম্পত্তিৰো ক্ষতি সাধন কৰিছে আৰু যাতায়তৰ মাধ্যম বাট পথ বিধ্বস্ত কৰি জনসাধাৰণৰ জীৱন যাত্ৰা দুৰ্বিসহ কৰি তুলিছে।