NORTHEAST NOW (Assamese)

ভগামুখৰ বগুৰাআটি প্ৰাথমিক বিদ্যালয়লৈ ভাবুকি আনিছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই

May 14, 2019 10:14 am · ভার্গব হাজৰিকা
ফটো : নৰ্থইষ্ট নাও

এখন বিদ্যালয়েই এতিয়া শেষ ৰক্ষাৰ স্থল হৈ পৰিছে চামগুৰিৰ একাংশ নৈ পৰীয়া ৰাইজৰ বাবে। চামগুৰি লাওঁখোৱাৰ ৪নং ভগামুখত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে এতিয়া একাংশ দৰিদ্ৰ পৰিয়ালে নিজৰ ঘৰ-ভেঁটি ভাঙি নিৰাপদ স্থান বিচাৰি আশ্ৰয় লৈছে সমীপৰে বগুৰাআটি প্ৰাৰ্থমিক বিদ্যালয় খনৰ চৌহদৰ লগতে বিদ্যালয় খনৰ আঙ্গনৱাড়ী কেন্দ্ৰটোত।

এই বছৰৰ প্ৰথমটো বাৰিষা নৌহওঁতেই বৃহত্তৰ অঞ্চলটোত আৰম্ভ হোৱা গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা কণ-কণ শিশু, মহিলা, পানীকেঁচুৱা সহ প্ৰায় কুৰিটা সৰু-বৰ পৰিয়ালে উপায়ন্তৰ হৈ বিগত প্ৰায় তিনি সপ্তাহ ধৰি অস্থায়ী ভাবে বসবাস কৰিবলৈ লৈছে বিদ্যালয় খনৰ চৌহদত।

কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আক্ৰান্ত দুৰ্ভগীয়া পৰিয়াল কেইটাৰ বাবে এই ঠিকনাও হয়তো বেছি দিনৰ বাবে নথাকিব। কাৰণ পৰিয়াল কেইটাই আশ্ৰয় লৈ থকা বগুৰাআটি প্ৰাৰ্থমিক বিদ্যালয় খনলৈও লুইতৰ ব্যাপক গৰাখহনীয়াই সম্প্ৰতি আনিছে চৰম ভাবুকি।

বিদ্যালয় খনৰ পৰা মাত্ৰ বিশ ফুট নিলগত প্ৰচণ্ড গতিৰে গৰাখহনীয়া অব্যাহত ৰাখিছে কালৰূপী ব্ৰহ্মপুত্ৰই। ইফালে দিনে দিনে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে প্ৰায় কুৰিটা পৰিয়ালে অস্থায়ীভাবে বসবাস কৰি থকা বিদ্যালয় খনৰ চৌপাশে। নিতৌ অসুস্থ হৈ পৰিছে বিদ্যালয় খনত আশ্ৰয় লোৱা পৰিয়াল সমূহৰ একাংশ শিশু।

আনহাতে, দীৰ্ঘদিন ধৰি লাহে-লাহে নিশ্চিহ্ন হৈ অহা বৃহত্তৰ অঞ্চলটোত বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰা শাসনাধিষ্ঠিত চৰকাৰ তথা প্ৰশাসনে আনকি গৃহহীন পৰিয়াল সমূহক খাদ্য, খোৱা পানী, চিকিৎসাৰো ব্যৱস্থা কৰিব নোৱাৰাক কেন্দ্ৰ কৰি চূড়ান্তভাবে ক্ষোভিত, অসন্তুষ্ট হৈছে নৈ পৰীয়া ভুক্তভোগী সকলৰ লগতে স্থানীয় ৰাইজ।

উল্লেখ্য যে, বিগত কেইবাবছৰো ধৰি ভগামুখৰ বৃহত্তৰ নৈ পৰীয়া অঞ্চলটোত চলি অহা ব্যাপক গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যেই ভূমিহীন, গৃহহীন হৈ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল বহু শতাধিক স্থানীয় পৰিয়ালৰ। প্ৰকৃতিৰ ৰোষত পৰি সৰ্ৱস্বান্ত হোৱাৰ পিছতো চৰকাৰী অৱহেলাৰ বলি হৈ এতিয়া নিৰুপায় পৰিয়াল কেইটাই আগন্তুক অনিশ্চিত ভৱিষ্যতক ধিয়াই কেৱল মাত্ৰ চকুলো টুকিছে বগুৰাআটি প্ৰাথ্যমিক বিদ্যালয়ৰ অস্থায়ী আশ্ৰয় গৃহ সমূহত।

ইমানৰ পিছতো পৰিৱৰ্তনকামী চৰকাৰ খনে তৎকালীনভাবে বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ বান-গৰাখহনীয়া ৰোধৰ বাবে তথা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়াল কেইটাক সাময়িক ভাবে সকাহ দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিশয় লক্ষণীয় হৈ পৰিছে।

Related News