টিকটকক ৪ হাজাৰ কোটি টকাৰ জৰিমনা বিহিলে ইউৰোপীয় ইউনিয়নৰ ডিপিচিয়ে

ইউৰোপীয় ইউনিয়নৰ নিয়ন্ত্ৰক সংস্থা ডাটা প্ৰটেকচন কমিছনে চীনৰ কোম্পানী টিকটক-ক ৩৪ কোটি ৫০ লাখ ইউৰোৰ জৰিমনা বিহিছে। ভাৰতীয় মুদ্ৰাত এয়া হ’ব প্ৰায় ৪ হাজাৰ কোটি টকা।

শিশুসকলৰ নিৰাপত্তাৰ সন্দৰ্ভত সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বাবে এই জৰিমনা বিহা বুলি কোৱা হৈছে। ডিপিচিয়ে এক বিবৃতিত কয় যে দুবছৰ ধৰি টিকটকৰ এই বিষয়টো নিৰীক্ষণত ৰখা হৈছিল।

লগতে পঢ়ক: মানৱ শৰীৰত গাহৰিৰ বৃক্ক প্ৰতিস্থাপন! ২ মাহ ধৰি কাৰ্যক্ষম হৈ ৰ’ল অংগ, উৎফুল্লিত গৱেষকসকল

কোম্পানীটোৰ মতে বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে চাইন আপৰ পিছত তেওঁলোকৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে ৰাজহুৱা হৈ পৰে। ফলত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ ভিডিঅ’ চাব আৰু কমেন্ট কৰিব পাৰে।

ডিপিচিয়ে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত টিকটকক লৈ তদন্ত আৰম্ভ কৰিছিল। টিকটকৰ বিভিন্ন ছেটিংছ আৰু ১৮ বছৰৰ তলৰ শিশুৰ ব্যক্তিগত তথ্য সংগ্ৰহ আৰু ব্যৱহাৰৰ ওপৰত জিডিপিআৰ মানি চলা হৈছে নে নাই সেইটো সেই সময়ৰ পৰাই তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে।

লগতে পঢ়ক: দুৰন্ত তৰুণ! ৯৮ বছৰ বয়সত মটৰ চাইকেল ৰেচিঙেৰে গঢ়িলে বিশ্ব অভিলেখ

ইয়াৰ পৰা দেখা গৈছে যে টিকটকে নাবালকসকলৰ বিপদৰ বিষয়টো সঠিকভাৱে মূল্যায়ন কৰা নাছিল। সেয়ে, এই জৰিমনা বিহা হৈছে।