• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ আধিপত্য ৰুধিবলৈ এছিয়া-ইউৰোপক সংঘবদ্ধ হোৱাৰ আহ্বান মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2021 8:02 pm
a china
304
VIEWS
Share on FacebookShare on Twitter

কাৰ্যভাৰ গ্ৰহণৰ দিনটোৰে পৰা বিভিন্ন বিষয়ত চীনৰ বিৰুদ্ধে সৰৱ হৈ থকা মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনে শেহতীয়াকৈ চীনৰ আগ্ৰাসনবাদী চৰিত্ৰ বিৰুদ্ধে এছিয়া-ইউৰোপৰ দেশ সমূহক সতৰ্ক কৰি দিছে।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে চীনৰ আগ্ৰাসনবাদী অৰ্থনৈতিক দৃষ্টিভংগীৰ বিৰুদ্ধে সকলোৱে সৰ্তক থাকি চীনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বিদেনে এছিয়া-ইউৰোপৰ দেশসমূহৰ প্ৰতি আহ্বান জনায়।

বিদেনে কয় ‘চীনৰ সৈতে আমাৰ কঠোৰ প্ৰতিযোগিতা হ’বলৈ ওলাইছে।মই সেয়াই অনুমান কৰিছো আৰু পৰৱৰ্তী পৰিস্থিতিক স্বাগতমো জনাইছো।ইউৰোপ আৰু আমেৰিকাৰ সৈতে ইণ্ডো-পেছিফিক মিত্ৰ দেশসমূহৰ বিগত ৭০ বছৰত যি সম্পৰ্ক গঢ়ি উঠিছে সেই সম্পৰ্কত মই বিশ্বাস কৰো।অৰ্থনৈতিক ক্ষেত্ৰত চীনৰ আগ্ৰাসন আমি ৰুধিব লাগিব’।

উল্লেখ্য  ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব বুলি ভবা হৈছিল ।

কিন্তু শেহতীয়াকৈ তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে জো বিদেনে বিশ্বৰ কেইবা খনো দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ ফোন কৰিছে যদিও চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙলৈ তেওঁ ফোন কৰা নাছিল।

কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙলৈ ফোন কৰে।

চীনা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অচিলালৈ জিনপিঙলৈ বিদেনে কৰা ফোন কলটোৱে দুয়ো খন দেশৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিব বুলি ভবা হৈছিল যদিও প্ৰকৃতাৰ্থত তেনে নহ’ল।

আলোচনা কালত বিদেনে জিনপিঙক ইণ্ডো-পেচিফিক অঞ্চলত কোনো কাৰণতে শান্তি বিঘ্নিত যাতে নহয় সেই বিষয়ত চীনক সংযত হৈ থাকিবলৈ এক প্ৰকাৰ সতৰ্ক কৰি দিছিল।

টেলিফোনিক বাৰ্তালাপত চীনৰ সেনাই দেশ খনৰ জিনজিয়াং প্ৰদেশত ব্যাপক হাৰত মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়টোত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰিছিল।

জিনজিয়াঙত মানৱাধিকাৰ উলংঘাৰ ঘটনা বন্ধ কৰিবলৈও বিদেনে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক সতৰ্ক কৰি দিছিল।

Recent News

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুঃসাহসিক অভিযানৰ কৰুণ পৰিহাস! জিপলাইনিঙৰ ৰচী চিঙি ৩০ ফুট দ খাৱৈত পৰিল ১০ বছৰীয়া নাবালিকা

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd