কভিড-১৯ ভেকচিন : চহকী দেশসমূহলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানৰ সাৱধানবাণী- ‘‘কেৱল টকা থাকিলেই অতিৰিক্ত ভেকচিন নাপাব’’

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান টেড্ৰজ আধানম ঘেব্ৰেয়েচুচে বিশ্বৰ চহকী দেশসমূহলৈ ক’ভিড ভেকচিন সম্পৰ্কে এটা গোহাৰি প্ৰেৰণ কৰিছে। বিশ্বজোৰা এটা ক’ভিড ভেকচিনেচন কেম্পেইনে মহামাৰীটো বাধা দিব বুলি তেওঁলোকে আশা কৰিছে।

গোহাৰিটোত কোৱা হৈছে যে চহকী দেশসমূহে জনসংখ্যা অনুযায়ী পৰ্যাপ্ত ভেকচিনসমূহৰ উপৰিও যদি অতিৰিক্ত হাৰত ভেকচিন গ্ৰহণ কৰে, তেন্তে তেওঁলোকে সাৱধান হোৱা ভাল যাতে দৰিদ্ৰ দেশসমূহ ক’ভিড ভেকচিনৰ পৰা বঞ্চিত নহয়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ তৎপৰত্তাত আফ্ৰিকাকে ধৰি বিশ্বৰ সকলো দৰিদ্ৰ দেশত ভেকচিনেচনৰ বাবে  উপলব্ধ হোৱাকৈ গ্ৰহণ কৰা ক’ভেক্স (COVAX)  আঁচনিটোত ইউৰোপৰ দেশসমূহে আৰ্থিকভাৱে সহযোগ কৰিছে।

আঁচনী অনুযায়ী ক’ভিড-১৯ বিয়পিব পৰা বিশ্বৰ সকলো স্পৰ্শকাতৰ অঞ্চলৰ লোকসকলৰ বাবে ভেকচিনসমূহ উপলব্ধ কৰোৱা হ’ব।

এই সংক্ৰান্তত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানজনে কয় যে কেৱল টকাৰ বাবে ভেকচিনবিধ প্ৰস্তুত কৰা হোৱা নাই।

চহকী দেশসমূহে অত্যধিক ভেকচিনৰ ক্ৰয়ে ক’ভেক্স আঁচনিখনত থকা চৰ্তসমূহত প্ৰভাৱ পেলাব বুলি তেওঁ আশংকা কৰে।

ইয়াৰ পূৰ্বে সঞ্চালকপ্ৰধানজনে সাৱধানবাণী শুনাইছিল বিশ্বই এটা ‘‘বিধ্বংসী নৈতিক পৰাজয়’’ৰ মুখামুখি হ’ব যদিহে কভিড-১৯ ভেকচিনসমূহ নিয়াৰীকৈ বিতৰণ কৰা নহয়।

‘‘যদিহে এই ভাইৰাছবিধক সকলো ঠাইতে ধ্বংস কৰিব নোৱাৰি, তেনেহ’লে গোলকীয়ভাৱে আমি ইয়াক ধ্বসং কৰিব নোৱাৰিম।’’ তেওঁ কৈছিল।