উত্তৰ পূব সীমান্ত ৰে’লৱেই ভাঁপ ইঞ্জিন চালিত ৰে’লগাড়ী ‘দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ত দৈনিক আবেলি সেৱা সূচনা কৰাৰ কথা বিৱেচনা কৰিছে। ১৭ ডিচেম্বৰ সোমবাৰে এই কথা প্ৰকাশ কৰিছে উত্তৰ পূব ৰে’লৱেৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণবজ্যোতি শৰ্মাই কৈছে, ‘‘ইয়ে শিলিগুড়িলৈ অলপ সময়ৰ বাবে অহা পৰ্যটকসকলক দিনটোৰ দ্বিতীয়াৰ্ধত য়ুনেস্ক’ৰ বিশ্ব ঐতিহ্য দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ অভিজ্ঞতা লাভ কৰাত সহায় কৰিব। শিলিগুড়িৰ পৰা ১৫-০০ বজাত পৰা ভাঁপচালিত ঐতিহ্য ৰে’লগাড়ীখনৰ উজনিমুৱা ইভিনিং ছাফাৰি আৰম্ভ হ’ব আৰু ১৬-২০ বজাত ৰোহটঙত গৈ উপস্থিত হ’ব। মাজতে সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ বাবে ৰে’লখন ১০ মিনিট সময় সুকনাত থামিব।’’
তেওঁ আৰু জনাইছে যে পৰ্যটকসকলে লঘু আহাৰ গ্ৰহণ কৰাৰ পাছত আৰু ইঞ্জিন ঘূৰোৱাৰ পাছত নামনিমুৱা ইভিনিং স্পিচিয়েলখনে ১৬-৪৫ বজাত যাত্ৰা আৰম্ভ কৰিব। এই ৰে’লখনত এটা ডাইনিং কাৰ ডবা আৰু এটা প্ৰথম শ্ৰেণীৰ ডবা থাকিব। ডাইনিং কাৰত আসনৰ সংখ্যা ১২ আৰু প্ৰথম শ্ৰেণীত আসনৰ সংখ্যা ১৭। প্ৰথম শ্ৰেণীৰ উভয়মুখী যাত্ৰাৰ ভাড়া হৈছে ১০০০ টকা আৰু ডাইনিং কাৰৰ উভয়মুখী যাত্ৰাৰ ভাড়া হৈছে ১২০০ টকা। ৰে’লখনৰ ডবাত পেমেণ্ট ভিত্তিক খাদ্য-সম্ভাৰ যোগানৰ ব্যৱস্থাও থাকিব।
যাত্ৰাস্থানত মেনুৱেল বুকিঙৰ যোগেদি টিকট সংগ্ৰহ কৰিব লাগিব। এইখন ৰে’লগাড়ীত একমুখী যাত্ৰা টিকটৰ ব্যৱস্থা ৰখা হোৱা নাই।
উল্লেখ্য যে কেইমাহ মান পূৰ্বে ‘দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ত ভিষ্টাডোম স্বচ্চ আইনাৰ চাল-সংলগ্ন শীত-তাপ নিয়ন্ত্ৰিত প্ৰথম শ্ৰেণীৰ ডবা সংলগ্ন কৰা হৈছে। এয়া ভাৰতত প্ৰথম। শীত-তাপ নিয়ন্ত্ৰিত প্ৰথম শ্ৰেণীৰ ডবাটোৰ খিৰিকী বহল আৰু ইয়াৰে পৰ্যটকসকলে বাহিৰৰ পৰিৱেশ চোৱাত সুবিধা অভিক পাব। তাৰোপৰি আছে মিউজিক ছিষ্টেম, টেলিভিশ্যন ছেট, আৰামদায়ক ঘূৰ্ণীয়মান আসন, দীব্যাংগসকলৰ বাবে বহল প্ৰৱেশদ্বাৰ, স্বয়ংক্ৰিয়ভাৱে বন্ধ হোৱা দুৱাৰ, এলিডি লাইট উন্নীত টয়লেট আৰু জৰুৰীকালীন বেটাৰী বেক-আপ আৰু ঘোষণা ব্যৱস্থা।
উল্লেখ্য যে পৰ্যটন ক্ষেত্ৰক শক্তিশালী কৰাৰ বাবে আৰু বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে ৰে’ল মন্ত্ৰীয়ে ইতিমধ্যে মাণ্ডলিক ৰে’লৱে আৰু ৫টা ঐতিহ্য পাৰ্বত্য ৰে’লৱেক অধিকতৰ ক্ষমতা প্ৰদান কৰিছে।