‘ভাৰতত প্ৰতিবছৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত ডেৰ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়’

Road accident

গুৱাহাটীত অনুষ্ঠিত হোৱা কৰ্মশালাৰ এটি দৃশ্য

‘ভাৰতত প্ৰতিবছৰে আধা মিলিয়ন পথ দুৰ্ঘটনা সংঘটিত হয় য’ত ডেৰ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়’ এই তথ্য ডাঙি ধৰে কনজিউমাৰ ভইছৰ মূখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে।

পৰিবহন আইন ২০১৯ৰ নতুন নিয়মসমূহ ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী কৰি পথ সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে কনজিউমাৰ লিগেল প্ৰটেকশ্যন ফৰাম, অসম আৰু কনজিউমাৰ ভইছৰ উদ্যোগত শুকুৰবাৰে পথ সুৰক্ষা বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হয়।

গুৱাহাটীৰ হোটেল আৰিয়ান আতিথ্যত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক পথ সুৰক্ষা সজাগতা কৰ্মশালাত উপস্থিত থাকে গুৱাহাটী আৰক্ষীৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়া।

ভাষণ প্ৰসংগত শইকীয়াই ত্ৰিশ বছৰীয়া পুৰণি পৰিবহন আইন, ২০১৯ ৰ নতুন সংশোধিত ধাৰা সমূহে পথ দুৰ্ঘটনা ৰোধত আৰক্ষীক সহায় কৰিব বুলি কয়।

যান-বাহন আইন ভংগ কৰা সকলক বৰ্দ্ধিত হাৰত জৰিমনা বিহাৰ ৮৯টা ব্যৱস্থা অন্তৰ্ভূক্ত কৰা হৈছে এই নতুন আইনখনত।

কৰ্মশালাত কামৰূপ (গ্ৰাম্য) জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাস উপস্থিত থাকি বিগত ছয় মাহত অসমত ২,৩৫৯ টা দুৰ্ঘটনা সংঘটিত হোৱা বুলি তথ্য দাঙি ধৰি এই দুৰ্ঘটনা কেইটাত মুঠ ১,৯৮০ গৰাকী লোক আহত আৰু ৯২৮ গৰাকী লোক নিহত হয় বুলি কয়।

দ্ৰুতবেগত যান-বাহন চলোৱা, হেলমেট আৰু চিট বেল্ট ব্যৱহাৰ নকৰা, সুৰাসক্ত অৱস্থাৰে যান-বাহন চলোৱা আদিয়ে দুৰ্ঘটনাৰ মূল কাৰণ বুলিও দাসে উল্লেখ কৰে।

ইয়াৰোপৰি কনজিউমাৰ লিগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কৰ্মশালাতে বিগত সময়ছোৱাত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা ৫০%ৰো অধিক লোকৰ বয়স ১৪ৰ পৰা ৩৫ বছৰৰ ভিতৰত বুলি কয়।

২০১৮ বৰ্ষত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত সংঘটিত দুৰ্ঘটনাৰ ফলত ৫৪,০৪৬ গৰাকী লোকে জীৱন হেৰুৱাবলগীয়া হয় বুলিও তেওঁ তথ্য দাঙি ধৰে।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি কামৰূপ জিলাৰ দুয়োগৰাকী পৰিবহন বিষয়া জয়সিং ৰংফাৰ, বিক্ৰম গগৈ আৰু কনজিউমাৰ ভইছৰ মুখ্য প্ৰকল্প বিষয়া ৰিংকি শৰ্মাই পৰিবহন আইন,২০১৯ ৰ নতুন সংশোধিত ধাৰা সমূহ অসমত বলবৎ কৰি কেনেদৰে পথ দুৰ্ঘটনাৰ পৰা ৰাইজৰ জীৱন ৰক্ষা কৰিব পাৰি সেই বিষয়ে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়।