সম্প্ৰতি ৰাজ্য জুৰি চলি আছে অবৈধ বেদখলৰ বিৰুদ্ধে ব্যাপক উচ্ছেদ অভিযান চলি আছে। অগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমে অকৰ্তৃত্বশীল পথৰ কাষৰ ক্ষুদ্ৰ দোকানসমূহ নিৰ্মূল কৰাৰ বাবে মহানগৰজুৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে।
কমাৰ্চ পইণ্ট, জয়ানগৰ, বেল্টোলা, জালুকবাৰী, আৰু গণেশগুৰিৰ দৰে অঞ্চলৰ অস্থায়ী খাদ্যৰ ষ্টল আৰু পথৰ কাষৰ দোকানসমূহক লক্ষ্য কৰি এই উচ্ছেদ অভিযান চলোৱা বুলি জানিবলৈ দিছে পৌৰনিগমে।
জানিব পৰা মতে জিএমচিৰ বিষয়াসকলে বিক্ৰেতাসকলে কাম কৰাৰ বাবে নিশা ১০ বজাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে, তাৰ পিছত তেওঁলোকে নিজৰ ষ্টল সামৰিব লাগিব। এই নিয়ম মানি নচলা সকলৰ সামগ্ৰী জব্দ কৰা বুলিও উল্লেখ কৰিছে। জব্দ কৰা সামগ্ৰীসমূহ জিএমচিৰ কাৰ্যালয়ৰ পৰা পুনৰ উদ্ধাৰ কৰিব পাৰিব বুলি সদৰী কৰিছে কৰ্তৃপক্ষই।
এই অভিযানত অসমৰ বাহিৰৰ পৰা অহা ফুড ভ্যানকে ধৰি ব্যৱসায়িক অনুজ্ঞাপত্ৰ অবিহনে চলাচল কৰা মোবাইল বিক্ৰেতাকো লক্ষ্য কৰি লোৱা বুলি জানিবলৈ দিছে। জিএমচিয়ে অভিযোগ কৰে যে এই বিক্ৰেতাসকলে অবৈধ ব্যৱসায়ৰ বাবে বিশেষভাৱে ডিজাইন কৰা বাহন ব্যৱহাৰ কৰে, যাৰ ফলত যান-জঁট আৰু অস্বাস্থ্যকৰ পৰিস্থিতি সৃষ্টি কৰাত অৰিহণা যোগাইছে।
চহৰখনৰ নান্দনিকতা বৃদ্ধি, যাতায়তৰ সমস্যা হ্ৰাস, আৰু স্বাধীনতা দিৱস উদযাপনৰ বাবে সুৰক্ষা নিশ্চিত কৰা উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে পৌৰনিগমে।