আজি নগাঁৱৰ আদালতত অভি-নীলৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ

abhi-neel-again

সমগ্ৰ দেশক  কঁপাই যোৱা নীলোৎপল-অভিজিতৰ নৃশংস বৰ্বৰোচিত হত্যাকাণ্ডৰ গোচৰৰ আজি নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ল নীলোত্‍পল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে এই নৃশংস হত্যাকাণ্ডটোৰ গোচৰটোৰ শুনানি। ইয়াৰ পূৰ্বে ডিফু আদালতে গ্ৰহণ কৰিছিল হত্যাকাণ্ডৰ গোচৰৰ প্ৰথমটো শুনানি।

পৰৱৰ্তী সময়ত ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ হস্তান্তৰ কৰা হৈছিল এই গোচৰ। হত্যাকাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪৮জন অভিযুক্তৰ ভিতৰৰ নাবালক অভিযুক্তজনক ইতিমধ্যে শিশুগৃহলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ অভিজিৎ নাথ আৰু নীলোৎপল দাসক সোপাধৰা সজাই কোবাই কোবাই হত্যা কৰিছিল এদল অন্ধ বিশ্বাসী লোকে। অৱশ্যে এই ক্ষেত্ৰত এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ আলফাজোজ তিমুং (Alphajoz Timung) এজন ব্যক্তিয়ে একাংশ লোকক প্ৰৰোচিত কৰিছিল।

হত্যাকাণ্ডত জড়িত ৪৮জন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কি কি ধাৰা আৰোপ কৰা হ’ব সেই সন্দৰ্ভত  ভুক্তভোগী পৰিয়ালৰ পক্ষ আৰু অভিযুক্ত পক্ষৰ অধিবক্তাৰ শুনানি লৈ আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ‘ডকমকা কাণ্ড’ হিচাপে কুখ্যাতি লাভ কৰা নীল-অভিজিতৰ  হত্যাকাণ্ডই সমগ্ৰ দেশৰ উপৰিও ভাৰতৰ বাহিৰতো চাঞ্চল্যৰ  আজিৰ শুনানিত ডকমকা কাণ্ডৰ লোকসকলৰ পক্ষৰ হৈ অধিবক্তা জিয়াউৰ কামাৰে আৰু নীলোৎপল-অভিজিতৰ পিতৃৰ হৈ অধিবক্তা বিজন মহাজনে যুক্তি প্ৰদৰ্শন কৰে।