• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

EVM মে কুচ টু গৰ্বৰ হে! BJPৰ বুটামত এবাৰ টিপিলে ভোট গণনা হয় দুটা!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 18, 2024 8:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

EVM ত BJPৰ চিম্বলত এবাৰ টিপিছে আৰু ভোট দিয়া দেখুইছে দুটাকৈ। লগে লগে লাগি গ’ল হুৱা দুৱা একেবাৰে বিষয়টো গৈ পালেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া।প্ৰথম পৰ্যায়ৰ ভোটগণনা অনুষ্ঠিত হ’ব কাইলৈ অৰ্থাৎ ১৯ এপ্ৰিলত। তাৰ পূৰ্বে কালি অৰ্থাৎ বুধবাৰে কেৰেলাৰ কাছাৰগোড সমষ্টিত পোহৰলৈ আহিছে এই কাণ্ড। আনকি বিৰোধী ঐক্যৰ পুলিং এজেন্টে অভিযোগ কৰা অনুসৰি কংগ্ৰেছৰ হাতৰ চিম্বলটোও EVM ত সৰুকৈ আছে।

বিভিন্ন সময়ত বিৰোধী শিবিৰৰ পৰা কোৱা শুনা যায় যে বিনা EVMৰ জৰিয়তে বিজেপিয়ে ৪০০ পাৰৰ সপোন দেখিব নোৱাৰে। সেই সন্দেহতে যেন সাৰ পানী ঢালিলে কালি কেৰেলাত ঘটা এটা ঘটনাই। এটা বা দুটা নহয়, ২০ টা EVMৰ ভিতৰত ৪ টা EVMতে বিসংগতি। বিসংগতি অন্য একো নহয়, সেই চাৰিটা মেছিনত অন্য দলসমূহৰ বুটামত এবাৰ টিপিলে এটা ভোটেই লাভ কৰে। কিন্তু বিজেপিয়ে এবাৰ টিপিলে লাভ কৰে ২ টাকৈ ভোট।

নিৰ্বাচনৰ পূৰ্বে হোৱা ম’ক প’লিঙত কেৰেলাৰ কাছাৰাগোডত এই কথা ধৰা পেলালে Left Democratic Fronrt চমুকৈ LDF আৰু United Democratic Front চমুকৈ UDF ৰ এজেন্টে।
নিৰ্বাচনী বিষয়াসকলে এটা সময়ত ২০টা মেচিন পৰীক্ষা কৰিছিল। ইভিএমটোত মুঠ ১০ টা বিকল্প বুটাম আছিল। চাৰিটা EVM আৰু VVPAT পৰীক্ষণ কৰাৰ সময়ত সেই ১০ টা বুটামৰ ভিতৰত ৯টা বুটামতে টিপাৰ বিপৰীতে এটাকৈ ভোট লাভ কৰিছিল বা যিটো ভিভিপেট শ্লিপ সেইটোত এটা ভোটেই গণনা হৈছিল। কিন্তু ভিভিপেটে অৰ্থাৎ ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইলে চাৰিটা মেচিনতে বিজেপিক দুটাকৈ ভোট দিয়া দেখুৱালে।

সেই চাৰিটা মেছিনত পৰীক্ষণৰ সময়ত তাতকৈয়ো আচৰিত কাণ্ড এটা ঘটিল। যদিহে বিজেপিৰ বুটামতো নিটিপে বা নদবাই বা অন্য কোনো এটা বুটাম দবাই তথাপিও বিজেপিয়ে এটাকৈ ভোট লাভ কৰে। এই কথা ধৰা পেলায় ইউডিএফৰ প্ৰাৰ্থী ৰাজমোহন উনিথানৰ এজেণ্ট মহম্মদ নাছাৰ চেৰকলাম আব্দুল্লাই ।

দুবাৰকৈ পৰীক্ষণত মেছিন কেইটাত একেটা ভুল দেখুৱাইছিল যদিও অৱশ্যে তৃতীয়বাৰ মেছিন কেইটাই সঠিককৈ কাম কৰা বুলি তেওঁ উল্লেখ কৰে। কিন্তু আমি সঠিককৈ ক’ব নোৱাৰিম যে মেছিনকেইটাই চতুৰ্থ পঞ্চমবাৰত সঠিককৈ কাম কৰিব। সেয়েহে মেছিন কেইটা সলনি কৰিবলৈ তেওঁ সমষ্টিটোৰ সহকাৰী ৰিটাৰ্ণিং বিষয়াজনক আহ্বান জনায়।

তেওঁ লগতে EVMত থকা আন চিম্বলতকৈ কংগ্ৰেছৰ ‘হাত’ চিহ্নটো সৰু বুলি আঙুলিয়াই দি বিষয়াসকলক সলনি কৰিবলৈ অনুৰোধ জনায়। তথাপি বিৰোধী ঐক্যৰ ইলেকশ্যন এজেন্টসকলৰ মাজত সন্দেহ থাকি গ’ল কংগ্ৰেছ, CPI(M)ৰ চিম্বলৰ লগতে অন্য চিম্বলসমূহে যে দুটাকৈ ভোট লাভ নকৰিলে। একেবাৰে প্ৰথমতে থকা বিজেপিয়েহে কিয় চাৰিটাকৈ VVPAT মেচিনত এবাৰ টিপোতে দুটাকৈ ভোট লাভ কৰিলে। হয়ো দিয়কচোন এই সন্দেহ নহ’বই বা কিয়? যদি মেছিনৰ খেলিমেলিয়েই আছিল তেন্তে কংগ্ৰেছৰ হাত বা অন্য চিম্বলতো এবাৰ টিপোতে দুটাকৈ ভোট গণনা হ’ব লাগিছিল বা লাভ কৰিব লাগিছিল। কিন্তু সেয়া বিৰোধীৰ ক্ষেত্ৰত নহ’ল।

অৱশেষত আজি এই কথা গৈ পালেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে কেৰালাৰ কাছাৰগোড সমষ্টিত ইভিএমৰ ওপৰত চলোৱা ম’ক প’লৰ সন্দৰ্ভত উত্থাপিত অভিযোগ সন্দৰ্ভত মনোৰামা অনলাইনে প্ৰকাশ কৰা এক প্ৰতিবেদনৰ উদ্ধৃতি দিয়ে উচ্চতম ন্যায়ালয়ৰ মজিয়াত। প্ৰতিবেদন অনুসৰি বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট আৰু ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট দুয়োটা দলে জিলা উপায়ুক্তক অভিযোগ দিছিল যে কমেও চাৰিটা ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ভুলকৈ বিজেপিৰ সপক্ষে অতিৰিক্ত ভোট পঞ্জীয়ন কৰা হৈছে।

অধিবক্তাজনৰ যুক্তিৰ পাছতে ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তই এক মৌখিক নিৰ্দেশ দিয়ে ভাৰতীয় নিৰ্বাচনী আয়োগক। কেৰেলাৰ কাছাৰগড় সমষ্টিৰ ই.ভি.এমৰ ভিভিপেটৰ এই খেলিমেলিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
এটা কথা ঠিক যে ADRয়ে VVPATৰ ১০০ শতাংশ পুনৰীক্ষণ দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত নিশ্চয়কৈ যুক্তি নথকা নহয়।

আজিও এই গোচৰক লৈ অনুষ্ঠিত হৈছিল এক শুনানিত। উক্ত শুনানিত যুক্তি দি জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে কয় ভোটাৰে শ্লিপখন বাকচত পৰি যোৱাটো আৰু কাক ভোট দিছে দেখা পোৱাটো দৰকাৰ। ভিভিপিএটিৰ শ্লিপ গণনা কৰাটো হাস্যৰসময়ী নহয়, প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত কুৰেশ্বীয়ে আঙুলিয়াই দিছিল যে বেলট পেপাৰ গণনা কৰিবলৈ ২ দিনতকৈও কম সময় লাগিছিল।
প্ৰশান্ত ভূষণে লগতে কয়, ইয়াত ভোটাৰৰ আস্থাৰ প্ৰশ্ন জৰিত হৈ আছে। গতিকে ১০০ শতাংশ VVPAT ৰ পুনৰীক্ষণ বা গণনা কৰাত আপত্তি বা সমস্যাটো ক’ত থাকিব পাৰে?

দুয়োপক্ষৰ সম্পূৰ্ণ যুক্তি শুনাৰ পাছতো ১০০ শতাংশ VVPAT পৰীক্ষণৰ প্ৰসংগত নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিলে বা কোনো মতত উপনীত হ’ব নোৱাৰিলে উচ্চতম ন্যায়ালয়ে।

এইখিনিতে উল্লেখ কৰি থওঁ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল বিজেপিয়ে ৪০০ পাৰ কৰাৰ যিমানেই শ্লোগান নিদিয়ক কিয়, ইভিএমত জালিয়াতি নকৰিলে ১৮০খনতকৈ অধিক আসন নাপায় বিজেপিয়ে। এনেদৰেই প্ৰিয়ংকাই বিজেপিৰ নাম নোলোৱাকৈ ইভিএম ৰিগিঙৰ অভিযোগ উত্থাপন কৰে প্ৰিয়ংকা গান্ধীয়ে।

কি ভিত্তিত বিজেপিয়ে ৪০০ তকৈ অধিক আসন পোৱাৰ দাবী কৰিছে নাজানো। ইতিমধ্যে তেওঁলোকে কিছু জালিয়াতি কৰা যেন লাগে, সেইবাবেই তেওঁলোকে ৪০০ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে।

সেয়া যি কি নহওঁক, কেৰেলাৰ কাছাৰীগড়ৰ ই.ভি.এমৰ বিসংগতিয়ে বিৰোধীক সন্দেহক যেন মাত্ৰা প্ৰদান কৰিলে। পুনৰ কৈছো কংগ্ৰেছ, CPI(M)ৰ চিম্বলৰ লগতে অন্য চিম্বলসমূহে যে দুটাকৈ ভোট লাভ নকৰিলে। একেবাৰে প্ৰথমতে থকা বিজেপিয়েহে কিয় চাৰিটাকৈ VVPAT মেচিনত এবাৰ টিপোতে দুটাকৈ ভোট লাভ কৰিলে। প্ৰশ্ন উঠাতো স্বাভাৱিক… কিন্তু ৪ জুনৰ দিনা দেখা যাব ক’ৰ পানী ক’লৈ যায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd