৪ লাখ ভোটাৰৰ ভোট বৰ্জন : নাগালেণ্ডৰ ৬ জিলাৰ EVM ত নপৰিল এটাও ভোট 

দেশৰ সাধাৰণ নিৰ্বাচনত সংঘটিত হৈছে ভাবিব নোৱাৰা এক ঘটনা। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰণৰ সৰ্ববৃহৎ মহোৎসৱ হিচাপে পৰিচিত ভাৰতৰ সাধাৰণ নিৰ্বাচনত সংঘটিত হৈছে চকু কপালত উঠাকৈ ভোট বৰ্জনৰ ঘটনা। 

আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোট বৰ্জনৰ কৰিলে নাগালেণ্ডৰ দল সংগঠন তথা বৃহৎ সংখ্যক জনতাই। 

এখন দুখন গাঁৱৰ জনতাই নহয়, উত্তৰ পূৱৰ এই ৰাজ্যখনৰ ৬ খনকৈ জিলাৰ প্ৰায় ৪ লাখ জনগণে বৰ্জন কৰিলে ভোট। 

জানিব পৰা মতে, এই ৬ খন জিলাত ভোটদানৰ হাৰ শূন্য শতাংশ। অৰ্থাৎ ৬ খনকৈ জিলাৰ এজনো ভোটাৰে নিদিলে ভোট। 

নিৰ্বাচনৰ পূৰ্বে পশ্চিম নাগালেণ্ডৰ ৬ খনত জিলাত ভোট বৰ্জনৰ আহ্বান জনাইছিল Eastern Naga Peoples Organization, চমুকৈ ENPO নামৰ বিদ্ৰোহী সংগঠনটোৱে।

উক্ত সংগঠনটোৱে দীৰ্ঘদিন ধৰি পশ্চিম নাগালেণ্ডক পৃথক ৰাজ্য ঘোষণা কৰাৰ দাবী জনাই আহিছে। কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি নজনোৱা সহাৰিৰ প্ৰতিবাদত ভোট বৰ্জনৰ আহ্বান জনাইছিল সংগঠনটোৱে। বৃহস্পতিবাৰে ভোট বৰ্জনৰ লগতে ৬ খন জিলা বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে। সংগঠনটোৱে আহ্বান কৰা এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ’ল সমগ্ৰ পশ্চিম নাগালেণ্ডত।

পশ্চিম নাগালেণ্ডৰ ৭ জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া মঞ্চ ENPOৰ আহ্বানৰ প্ৰতি সহাৰি ৬ খন জিলাৰ সকলো ভোটাৰে আজি ভোট বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

উল্লেখ্য যে নাগালেণ্ডত আছে মাত্ৰ এটাই লোকসভা সমষ্টি। এই এখন আসনৰ পৰাই নাগালেণ্ডক মাত্ৰ এজন সাংসদে লোকসভাত প্ৰতিনিধিত্ব কৰে।