কোনো চলচ্চিত্ৰ তাৰকা বা তাৰকা ক্ৰিকেটাৰে যেতিয়া ঘৰ হওক বা গাড়ীয়েই হওক, বৃহৎ ধনেৰে সম্পত্তি কিনিলে নিশ্চয়কৈ ডাঙৰ খবৰ হৈ পৰে। দেশজুৰি ইয়াৰ চৰ্চা হয়। কিন্তু শেহতীয়াকৈ এটা দামী বাংলো কিনাৰ একেধৰণৰ ঘটনাৰ বিষয়ে যেন অলপ কম চৰ্চা হৈছে। অৰ্থাৎ দিল্লীৰ এক অতি বিলাসী অঞ্চলত ১৬০ কোটি টকাত বাংলো কিনাৰ খবৰটো।
কোনো চলচ্চিত্ৰ তাৰকা বা ক্ৰিকেটাৰে কিনা নহয়, বাংলোটো কিনিছে বসুধা ৰোহটগীয়ে। তেওঁ প্ৰাক্তন এটৰ্নী জেনেৰেলৰ পত্নী। সকলোৰে চিনাকি এইগৰাকী প্ৰাক্তন এটৰ্নী জেনেৰেল হৈছে মুকুল ৰোহটগী। যাৰ নাম সমগ্ৰ দেশতে নৰেন্দ্ৰ মোডীৰ অন্যতম প্ৰিয় অধিবক্তা হিচাপে পৰিচিত!
লগতে পঢ়ক: ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ
এই অতিশয় ব্যয়বহুল বাংলোটো দিল্লীত কিনা হৈছে। দিল্লীৰ গলফ লিংকছ এলেকাত। বাংলোটোৰ প্লট এলেকা ১৮৬৯.৭ বৰ্গমিটাৰ। বাংলোটো ক্ৰয় কৰোতে ৰোহাটগী পৰিয়ালে কেৱল ষ্টাম্প ডিউটিয়েই কিমান দিবলগীয়া হৈছিল শুনিলে হয়তো বহুতৰে মূৰ ঘুৰাব – ৬ কোটি ৪০ লাখ টকা! এইখিনি টকাৰে সাধাৰণতে মোটামুটি ধনী মানুহে বাংলো বা এপাৰ্টমেণ্ট কিনে! ২৪ ফেব্ৰুৱাৰীতে অৱশ্যে এই কামফেৰা শেষ হৈ গ’ল।
দিল্লীৰ সেই অঞ্চলত বাস কৰে প্ৰাক্তন ছলিচিটৰ জেনেৰেল গোপাল সুব্ৰমনিয়াম। দিল্লীৰ বহুলভাৱে পৰিচিত অঞ্চলটোত তেওঁৰ এটা অতি বিলাসী ঘৰ আছে। এইবাৰ ৰোহাটগী পৰিয়ালটো হ’বলৈ গৈ আছে প্ৰাক্তন ছলিচিটৰ জেনেৰেল গোপাল সুব্ৰমনিয়ামৰ প্ৰতিবেশী। গোপাল সুব্ৰমনিয়াম অৱশ্যে ইয়ালৈ অহা বেছি দিন হোৱা নাই। মাত্ৰ যোৱা এবছৰ ধৰি আছে। বসুধা ৰোহাটগীতকৈ বহু কম দামত তেওঁ ঘৰটো কিনিছিল। দাম পৰিছিল ৮৫ কোটি টকা।
লগতে পঢ়ক:আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল
মুকুল ৰোহাটগীয়ে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল ভাৰতৰ দ্বাদশ এটৰ্নী জেনেৰেল। অৱশ্যে ২০১৭ চনৰ পাছতো তেওঁক দায়িত্ব বহন কৰি যাবলৈ অনুৰোধ কৰা হৈছিল। কিন্তু তেওঁ আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁৰ ঠাইত কে কে ভেনুগোপালক নিযুক্তি দিয়া হয়। ৰোহাটগী এতিয়া উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা।