কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ নাতিনীৰ আত্মহত্যা

Yediyurappa’s granddaughter commits suicide

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাৰ নাতিনী ড৹ সৌন্দৰ্য্য ভিৱাইয়ে নিজৰ আৱাসিক এপাৰ্টমেণ্টত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সৌন্দৰ্য্যৰ ঘৰুৱা সহায়কজনে ৰাতিপুৱাৰ আহাৰৰ বাবে সৌন্দৰ্য্যক মাতিবলৈ আহোঁতেই পুৱা প্ৰায় ১০.৩০ বজাত এই ঘটনা পোহৰলৈ আহে।

সহায়কজনে কেইবাবাৰো সৌন্দৰ্য্যক মতাৰ পিছতো কোঠাৰ দুৱাৰ খোলা নাছিল বাবে ঘৰৰ আন সদস্য সকলক জানিবলৈ দিয়ে।

পিছত এপাৰ্টমেণ্টৰ কৰ্মচাৰীসকল উপস্থিত হৈ সৌন্দৰ্য্যক বাৰান্দাৰ চিলিঙত ওলমি থকা দেখিবলৈ পায় আৰু আৰক্ষীক খবৰ দিয়ে।

উল্লেখ্য যে আত্মহত্যা কৰাৰ পূৰ্বে সৌন্দৰ্যই নিজৰ ন মহীয়া কেঁচুৱাটিক ফ্লেটৰ আন এটা কোঠাত এৰি থৈ গৈছিল।

মৃত সৌন্দৰ্য্য হৈছে য়েদিয়ুৰাপ্পাৰ দ্বিতীয় কন্যা পদ্মাৱতীৰ কন্যা। ৩০ বছৰীয়া সৌন্দৰ্য আৰু তেওঁৰ স্বামী নীৰজে যোৱা আঢ়ৈ বছৰ ধৰি এপাৰ্টমেণ্টটোত বাস কৰিছিল।

সৌন্দৰ্য্য এখন ব’ৰিং চিকিৎসালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ছিল আৰু চিকিৎসকৰ অনুশীলনী চলাই আছিল।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ব’ৰিং চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে আত্মহত্যাৰ কাৰণ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই যদিও তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।