মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক খগেন গগৈৰ পৰলোকপ্ৰাপ্তি

খগেন গগৈৰ ফটো। উৎস-ইণ্টাৰনেট

অসম বিধান সভাৰ প্ৰাক্তন বিধায়ক খগেন গগৈৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। শিৱসাগৰৰ নিজা বাসগৃহত ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। দীৰ্ঘদিন ধৰি হৃদৰোগত ভূগী আছিল গগৈয়ে। আজি ৰাতিপুৱা শৰীৰৰ অধিক অৱনতি ঘটাত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে প্ৰাক্তন বিধায়কগৰাকী। চিকিৎসকে পৰৱৰ্তী সময়ত প্ৰাথমিক চিৎকিসাৰ অন্তত খগেন গকৈক হৃদৰোগৰ ক্ৰিয়া বন্ধহৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে, ১৯৭২ চনৰ পৰা ১৯৭৮ লৈ শিৱসাগৰ মাহমৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ দিনত বিধায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰা খগেন গগৈয়ে সমষ্টিৰ উন্নয়ণৰ বাবে ভালেমান জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল। কংগ্ৰেছত সুদীৰ্ঘ দিন ৰাজনীতি কৰি ১৯৯৬ত গগৈয়ে বিজেপিত যোগদান কৰিছিল।

বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুত পৰিয়ালৰ লগতে শিৱসাগৰত শোকৰ ছাঁ পৰিছে। অসম বিধানসভাৰ অধ্যক্ষকে আদি কৰি বিধায়কসকলে প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শিৱসাগৰ নগৰৰ ৰেড ক্ৰছৰ বাসিন্দা আছিল প্ৰাক্তন বিধায়কগৰাকী।