বুধবাৰে বলবৎকাৰী সঞ্চালকালয়ে গুৱাহাটীৰ কামাখ্যা মন্দিৰ পৰিচালনা কৰা আৰু ৭.৬২ কোটি টকাৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগত এতিয়া দেৱোত্তৰ ব’ৰ্ডৰ প্ৰাক্তন বিষয়ববীয়াৰ বাসগৃহত তালাচী চলায়।
ইডিৰ এক বিবৃতি অনুসৰি ২০০৩ চনৰ পৰা ২০১৯ চনৰ ভিতৰত কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ বিষয়াসকলে ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত এফআইআৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।
ইডিয়ে কামাখ্যা দেৱোত্তৰ ব’ৰ্ডৰ তদানীন্তন বিষয়া ৰিজু প্ৰসাদ শৰ্মা আৰু ইতিমধ্যে মৃত্যু হোৱা আন দুজন প্ৰাক্তন বিষয়াৰ বাসগৃহত তালাচী চলায়। ইডিয়ে বীমাৰ লগতে সম্পত্তি আৰু ব্যৱসায়িক কাম-কাজৰ সৈতে জড়িত নথি-পত্ৰ জব্দ কৰে।
২০১৫ চনত উচ্চতম ন্যায়ালয়ে ১৯৯৮ চনত গঠন হোৱা দেৱোত্তৰ ব’ৰ্ড বন্ধ ঘোষণা কৰিছিল ।উল্লেখ্য যে, পৰম্পৰাগতভাৱে মন্দিৰটো চলোৱা পুৰোহিতৰ পৰিয়াল বৰদেউৰী সমাজ আৰু দেৱোত্তৰ সমাজৰ মাজত বছৰ বছৰ ধৰি ক্ষমতাৰ কাজিয়া চলি থকাৰ পাছত দেৱোত্তৰ ব’ৰ্ড ভংগ কৰাৰ নিৰ্দেশ দিছিল।
কামাখ্যা দেৱোত্তৰ ব’ৰ্ড গঠন কৰিছিল পুৰোহিতৰ পৰিয়ালৰ ব্যক্তিৰ লগতে পৰম্পৰাগতভাৱে মন্দিৰ চলোৱাৰ ক্ষেত্ৰত ভূমিকা নথকা শ্ৰেণীৰ প্ৰতিনিধিৰে গঠিত এটা প্ৰতিদ্বন্দ্বী গোটে আৰু বৰদেউৰী সমাজৰ অধিকাৰ আৰু বিশেষাধিকাৰ দখল কৰিছিল । ২০১৫ চনত দেৱোত্তৰ ব’ৰ্ডক অবৈধ ঘোষণা কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে মন্দিৰৰ প্ৰশাসন পুনৰ বৰদেউৰী সমাজৰ হাতত ঘূৰাই দিছিল।