NORTHEAST NOW (Assamese)

পিতৃহীন হ’ল শিৰোমণি আকালি দল: পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ মৃত্যু

April 25, 2023 9:55 pm · এন ই নাও নিউজ, গুৱাহাটী

পঞ্জাৱৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল শিৰোমণি আকালি দল আজি হৈ পৰিল পিতৃহীন। দলটোৰ পিতৃপুৰুষ তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে আজি শেষ নিশ্বাস ত্যাগ কৰে। কিছু সময় পূৰ্বে চিকিৎসাধীন অৱস্থাতে ৯৫ বছৰ বয়সত মৃত্যু হয় বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ।

শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে কিছু দিন পূৰ্বে মোহালীৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ ৰাজনীতিবিদগৰাকীক। চিকিৎসালয়ৰ আই চি ইউতে আজি নিশা ৮:২৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে বাদলৈ।

প্ৰকাশিত খবৰ অনুসৰি, ভাটিন্দাৰ বাদল গাঁৱত প্ৰকাশ সিং বাদলৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। সেয়েহে বুধবাৰে পুৱা মোহালীৰ পৰা বাদল গাঁৱলৈ স্থানান্তৰ কৰা হ’ব তেওঁৰ মৃতদেহ।

যোৱা নিশা চিকিৎসালয় কৰ্তৃপক্ষই বাদলক চিকিৎসালয়ৰ আই চি ইউত তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছে বুলি এক বিবৃতিত উল্লেখ কৰিছিল। লক্ষণীয়ভাৱে বিগত বৰ্ষৰ জুন মাহতো গেষ্ট্ৰাইটিছ আৰু ব্ৰংকিয়ল এজমাৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

উল্লেখ্য যে, প্ৰকাশ সিং বাদলে পাঁচবাৰকৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭০-৭১, ১৯৭৭-৮০ আৰু ২০০৭-২০১৭ চনলৈকে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল বাদল।

প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, বাদল পঞ্জাৱত মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ৰাজনীতিবিদ হিচাপেও পৰিগণিত হৈছিল।

Related News