NORTHEAST NOW (Assamese)

আৰক্ষীৰ বাবে ডাঙৰ সকাহ, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন পুত্ৰক উদ্ধাৰ

January 6, 2021 2:10 pm · এন ই নাও নিউজ
ফাইল ফটো

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন পুত্ৰ অমিতৰাজ দৈমাৰীৰ সন্ধান লাভ কৰিছে অসম আৰক্ষীয়ে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিঙে এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

সিঙে টুইটটোত কয়, ‘প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন পুত্ৰৰ সন্ধান লাভ কৰা গৈছে। আমাৰ সকলোৰে বাবে ডাঙৰ সকাহ’।

আৰক্ষীয়ে প্ৰাক্তন সাংসদগৰাকীৰ পুত্ৰক আজি বঙাইগাঁও জিলাৰ চাপাগুৰি অঞ্চলৰ এটা বাছ আস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ মঙলবাৰৰ দুপৰীয়া ৩ বজাৰ পৰা নিখোজ হৈ আছিল।

প্ৰাক্তন সাংসদ গৰাকীৰ পুত্ৰ অমিতৰাজ দৈমাৰী কোকৰাঝাৰৰ ৰিয়েলিটি পাব্লিক স্কুলত অধ্যয়নৰত ছাত্ৰ।

Related News