NORTHEAST NOW (Assamese)

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

July 17, 2025 5:26 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 17, 2025 5:27 pm

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক-সাংস্কৃতিক সংগঠনৰ ৫০ জনৰো অধিক নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই যোগদান অনুষ্ঠানে ভাৰতীয় জনতা পাৰ্টিক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

ৰাজ্যৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দলৰ নতুনকৈ যোগদান কৰা নেতাসকলক আদৰণি জনায়।

বিজেপিত যোগদান কৰা উল্লেখযোগ্য নেতাসকল হৈছে দৃষ্টি ৰাজখোৱা, (প্ৰাক্তন নেতা, আলফা(স্বাঃ)), মনোজ ধানোৱাৰ (প্ৰাক্তন ৰাজ্যিক সভাপতি, আম আদমী পাৰ্টি), অৰ্জুন চেত্ৰী (প্ৰাক্তন সভাপতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা), অমল পাটোৱাৰী (প্ৰাক্তন সাধাৰণ সম্পাদক, অসম গণ পৰিষদ), ত্ৰিদীপ তালুকদাৰ (অভিনেতা তথা সমাজ কৰ্মী), মাধুৰ্য গোস্বামী (প্ৰাক্তন সভাপতি, শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি), নিৰ্মল পায়েং (ৰাইজৰ দলৰ প্ৰাক্তন যুৱ শাখা সাধাৰণ সম্পাদক) , প্ৰশান্ত শইকীয়া (প্ৰাক্তন সভাপতি, নগাঁও জিলা কংগ্ৰেছ কমিটি), মানস শৰণীয়া (জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়), অসীম চমুৱা (অধিবক্তা) আদি।

এই অনুষ্ঠানত ভাষণ দি দিলীপ শইকীয়াই কয় যে কৌশলগত কাৰণত নিৰ্বাচিত লোকসকলকহে বিজেপিত যোগদান কৰিবলৈ দিয়া হৈছে যদিও অনাগত দিনত এনেধৰণৰ আৰু অধিক নেতাক আদৰণি জনোৱা হ’ব।  যোগদান কৰিবলৈ বহুতে অপেক্ষা কৰি আছে যদিও সযতনে পৰিকল্পনাৰ ভিত্তিত আমি কেইজনমানকহে গ্ৰহণ কৰিছোঁ।

শইকীয়াই লগতে কয় যে বিজেপিত যোগদান কৰাটো কেৱল টিকটৰ আকাংক্ষাৰ দৃষ্টিৰে চাব নালাগে। কিছুমানে দলৰ টিকট বিচাৰিব পাৰে, যিটো স্বাভাৱিক। কিন্তু উপযুক্ত সময়ত চূড়ান্ত সিদ্ধান্ত লোৱা হব। সকলোৱে টিকট নাপাবকিন্তু সকলোৱে দীৰ্ঘম্যাদীভাৱে বিজেপিৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি লব লাগিব।

ৰাইজৰ দলৰ দৰে পাৰ্টি এৰি যোৱা অৰ্জুন চেত্ৰী আৰু আনসকলকো প্ৰশংসা কৰে দিলীপ শইকীয়াই। তেওঁ কয়, অখিল গগৈৰ কাষত মানুহ বেছি দিন নাথাকে। কমল মেধিৰ পৰা নিৰ্মল পায়েংলৈকে সকলোৱে অখিল গগৈৰ শিবিৰ এৰি গৈছে।

শইকীয়াই লগতে উল্লেখ কৰে যে শীঘ্ৰে আৰু অধিক কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব।

Related News