মুখ্য মন্ত্ৰীসকলৰ সৈতে প্ৰধান মন্ত্ৰীৰ বৈঠক: দুখনত বাহিৰে লকডাউন প্ৰত্যাহাৰৰ পক্ষত সকলো ৰাজ্য

pm_505_030420083031_050420093326_270420092859 new

মুখ্য মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সোমবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কোভিড-১৯ লকডাউন সম্পৰ্কত মুখ্য মন্ত্ৰীসকলৰ মতামত বিচৰা হয়।

মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে বাকী সকলোবোৰ ৰাজ্যই কোভিড-১৯ লকডাউন উঠাই দিয়াৰ পক্ষত মতামত ৰাখিছে।

বৈঠকত সকলো ৰাজ্যৰ মুখ্য মন্ত্ৰী উপস্থিত থাকে যদিও কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱা ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল আৰু প্ৰধান মন্ত্ৰীৰ মাজতহে পোনপটীয়াকৈ বাৰ্তালাপ হয় আৰু সময়ৰ নাটনিৰ বাবে ইয়াৰে ৯জন মুখ্য মন্ত্ৰীয়েহে কথা পাতিবলৈ সক্ষম হয়।

প্ৰধান মন্ত্ৰীৰ সৈতে কথা পতা মুখ্য মন্ত্ৰীসকলৰ ভিতৰত আছে মেঘালয়, মিজোৰাম, পুডুচেৰী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উৰিষ্যা, বিহাৰ, গুজৰাট আৰু হাৰিয়ানাৰ মুখ্য মন্ত্ৰী।

আনহাতে, বাকী মুখ্য মন্ত্ৰীসকলক তেওঁলোকৰ বক্তব্য লিখি পঠাবলৈ কোৱা হৈছে।

প্ৰথমতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয় যে ৰাজ্যখনে আন্ত:ৰাজ্যিক তথা আন্ত:জিলা যাতায়তৰ নিষেধাজ্ঞাৰে ৩মে’ৰ পিছলৈকে লকডাউন অব্যাহত ৰাখিব বিচাৰে। অৱশ্যে, অত্যাৱশ্যকীয় সেৱাসমূহৰ লগতে জৰুৰী চিকিৎসাৰ বাবে অনুমতি থাকিব।

মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাই কেন্দ্ৰই যি সিদ্ধান্ত লয় তাকেই অনুসৰণ কৰিব বুলি জানিব দিয়ে।

ইপিনে, পুডুচেৰীৰ মুখ্য মন্ত্ৰী ভি নাৰায়নাস্বামীয়ে ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ কৰ্মীসকলৰ বাবে পিপিই তথা আন চিকিৎসা সামগ্ৰী আগবঢ়োৱাৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰে। তেওঁ ৩ মে’ত লকডাউনৰ অন্ত পৰাৰ পাছত উদ্যোগসমূহ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিত্তীয় সাহায্য বিচাৰে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱাটে সকলো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি পৰ্যায়ক্ৰমে ব্যৱসায় তথা বাণিজ্যিক কামকাজ আৰম্ভ কৰা উচিত বুলি মত পোষণ কৰে। তেওঁ বৈঠকত বিকাশৰ বাবে অৰ্থনৈতিক সঞ্জীৱন মুখ্য বিষয় বুলি দোহাৰে।

আনহাতে, হিমাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী জয়ৰাম ঠাকুৰে কয় যে ৰাজ্য চৰকাৰে এতিয়া অৰ্নৈতিক কাৰ্যকলাপ আৰম্ভ কৰাৰ স্থিতি লাভ কৰিছে। তেওঁ অৱশ্যে আন ৰাজ্যসমূহৰ বিষয়সমূহ বিবেচনা কৰি লকডাউন অব্যাহত ৰখা উচিত বুলি কয়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে দেওবাৰে কৈছিল যে দেশত ৩০০খন কৰ’নামুক্ত জিলা আছে আৰু আন ২৯৭খন জিলাত কোনো হটস্পট বা পাঁচটাতকৈ অধিক ঘটনা পোৱা সৰু অঞ্চল নাই।

তেওঁ জানিবলৈ দিয়া মতে, দেশৰ মাত্ৰ ১২৭খন জিলাতহে কোভিড-১৯ ৰে’ড জ’ন আছে।