আবকাৰী গোচৰ : তিহাৰ কাৰাগাৰতো মনীষ ছিছ’দিয়াক জেৰা ইডিৰ

মঙলবাৰে ইডি-এ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক কাৰাগাৰতে জেৰা কৰি দিল্লী আবকাৰী নীতিৰ কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰে।

চৰকাৰী সূত্ৰই জনোৱা মতে, এই গোচৰত ফেডাৰেল ইনভেষ্টিগেচন এজেন্সীয়ে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে সন্ধিয়া হায়দৰাবাদৰ সুৰা বেৰন অৰুণ ৰামচন্দ্ৰ পিল্লাইক গ্ৰেপ্তাৰ কৰি জিম্মাত লৈছে তদন্তকাৰী সংস্থাটোৱে। ইফালে ইডিৰ বিষয়াসকলে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত ছিছ’দিয়াৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ তিহাৰ কাৰাগাৰত উপস্থিত হয়।

২০২১-২২ বৰ্ষৰ আবকাৰী নীতি প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰু ২০ মাৰ্চৰ পৰা তেওঁ ন্যায়িক জিম্মাত আছে। আম আদমী পাৰ্টিৰ ৫১ বছৰীয়া নেতাজনক জেৰাৰ বাবে আদালতৰ পৰা অনুমতি লৈছে ইডিয়ে। চেলফোন সলনি আৰু ধ্বংস কৰাৰ অভিযোগ আৰু দিল্লীৰ আবকাৰী মন্ত্ৰী হিচাপে গ্ৰহণ কৰা  নীতিগত সিদ্ধান্ত মানি নচলাৰ বাবে তেওঁক সংস্থাটোৱে জেৰা কৰাৰ সম্ভাৱনা আছে। আদালতত দাখিল কৰা পৰিপূৰক অভিযোগনামাতো এই অভিযোগেই উত্থাপন কৰিছিল ইডিয়ে।

যদি তদন্তকাৰী বিষয়াই ছিছ’দিয়াৰ ধন সৰবৰাহৰ অপৰাধৰ বাবে ‘দোষী’ বুলি তথ্য প্ৰমাণ লাভ কৰে তেতিয়া ইডিয়ে তেওঁৰ বিৰুদ্ধে পিএমএলএৰ ১৯ নং ধাৰা প্ৰয়োগ কৰিব পাৰে।

ইফালে যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত দাখিল কৰা এই গোচৰৰ অভিযোগনামাত চিবিআইয়ে অভিযুক্ত হিচাপে ছিছ’দিয়াৰ নাম উল্লেখ কৰা নাছিল। অভিযোগ অনুসৰি, সুৰা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে দিল্লী চৰকাৰৰ আবকাৰী নীতি ২০২১-২২ৰ জৰিয়তে উদ্যোগীসকলে গোপন বুজাবুজি কৰি একেখিনি ব্যৱসায়ীক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল।

অৱশ্যে আম আদমী পাৰ্টিয়ে এই অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি আহিছে। পিছত এই নীতি বাতিল কৰা হয় আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু তাৰ পিছত ইডিয়ে পিএমএলএৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ইফালে, অৰুণ পিল্লাইক সোমবাৰে সন্ধিয়া ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অপৰাধমূলক ধাৰাত দীৰ্ঘদিনীয়া জেৰাৰ অন্তত জিম্মাত লোৱা হয়। এই গোচৰত ইডিৰ গ্ৰেপ্তাৰ তেওঁ হৈছে ১১ সংখ্যক অভিযুক্ত। পিল্লাই ‘ৰবিন ডিষ্টিলেৰীজ এল এল পি’ নামৰ কোম্পানী এটাৰ অংশীদাৰ।

ইডিয়ে দাবী কৰে যে কোম্পানীটোৰ মালিক তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বিধান পৰিষদৰ সদস্য কে কবিতা। ধৃত সুৰা বেৰন সমীৰ মহন্দ্ৰু, তেওঁৰ পত্নী গীতিকা মাহন্দ্ৰু আৰু তেওঁলোকৰ কোম্পানী ইণ্ডোস্পিৰিট গ্ৰুপৰ সৈতেও পিল্লাইৰ সম্পৰ্ক আছে।