NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত আবকাৰী বিভাগৰ অভিযান; এজনক আটক

October 24, 2019 10:10 pm · মানস প্ৰতিম গগৈ

আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈ বনগাঁৱত মাৰ্ঘেৰিটা আৰু ডিগবৈৰ আবকাৰী বিভাগৰ কৰ্মীয়ে ডিগবৈ আৰক্ষীৰ এ বি গোটৰ সহযোগত আবকাৰী উপ অধীক্ষকৰ তত্ত্বাৱধানত আৰু মাৰ্ঘেৰিটা মহকুমাৰ কাৰ্যকাৰী দণ্ডাধীশ মাধুৰ্য্য বুঢ়াগোহাঁৰ উপস্থিতিত পোনপটিয়া তালাচী অভিযান চলায়।

আৰক্ষীয়ে অভিযানকালত এজনক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে অভিযুক্তজনৰ পৰা অবৈধ সুৰা আৰু কিছু আপত্তি জনক সামগ্ৰীও উদ্ধাৰ কৰে।

অভিযুক্তজনক অসম আবকাৰী আইন ২০০০ৰ অধীনত মাৰ্ঘেৰিটা মহকুমাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিনে পাৱৈ বনগাওঁ‌ অঞ্চলত অবৈধ চুলাই মদৰ বেহা চলি আহিছে যদিও পূজা-বিহুৰ আগে আগে আবকাৰী বিভাগে মাজে মাজে অভিযান চলাই দুই এক পুঠি-খলিহনাকহে জালত পেলাবলৈ সক্ষম হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

অঞ্চলটোৰ সচেতন মহিলা সমাজে উক্ত অঞ্চলটোত চলি থকা সকলো অবৈধ সুৰাৰ ঘাটি সম্পূৰ্ণ উচ্ছেদ কৰিবলৈ দাবী জনাইছে৷ অন্যথা মহিলা সকলে নিজে হাতে কামে লাগিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ প্ৰদান কৰে।

Related News