• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলাদিত্য দেবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱমাননা কৰিছে : উপমন্যু হাজৰিকা

শিলাদিত্যই হিন্দু বাঙালীৰ ওকালতি কৰি ভাষিক সংঘাতৰ ইন্ধন যুগুৱাৰ প্ৰস্তুতি চলালে : হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 24, 2019 9:35 pm
Shiladitya VS Upamanyu

বিধায়ক শিলাদিত্য দেব আৰু প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘শিলাদিত্য দেবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱমাননা কৰিছে।‘ বিধায়ক শিলাদিত্য দেবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লৈ কৰা বিৰূপ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত হাজৰিকাই বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈ কয় তেওঁ কেৱল ৰাজনৈতিক মুনাফাৰ কাৰণে এনেকুৱা ধৰণৰ এক মন্তব্য দিছে বা হাত সাৰিবৰ বাবে নিজে দোষটো মূৰ পাতি ন’লৈ ন্যায়ালয়ৰ ওপৰত দোষ জাপিছে।

Apply Now

‘’৫ বছৰ এনআৰচিৰ কাম-কাজ চলিল কিন্তু কোনো এটা পক্ষই উচ্চতম ন্যায়ালয়ত গৈ কোনো তথ্য দাঙি নধৰিলে, কোনো শপতনামা দাখিল নকৰিলে। স্বয়ং শিলাদিত্য দেবেও কোনো আবেদন অভিযোগ দাখিল নকৰিলে। উচ্চতম ন্যায়ালয়ে যদি ভুল কৰিছে তেন্তে ক’ত ভুল কৰিছে তাৰ এটা পুনৰীক্ষণ বিচাৰি তেওঁ আবেদন নকৰিলে,’’- হাজৰিকাই লগতে কয়।

ইপিনে,আদালতক অৱমাননা কৰাটো এক আইনগতভাৱে অৱমাননা বুলি উল্লেখ কৰি হাজৰিকাই কয় যে তেওঁ যদি ভাবিছে অসমীয়াত কৈ তেওঁ সাৰি যাব পাৰিব সেইটো এটা ভুল।

‘’শিলাদিত্য দেব বাঙালী মূলৰ অসমৰ এজন নেতা। তেওঁৰ ওপৰত এক গভীৰ দায়িত্ব আছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ভাষিক সংঘাতক পুনৰ জন্ম দিয়াৰ দৰে হ’ল। শিলাদিত্য দেবে বাঙালী হিন্দু মূলৰহে ওকালতি কৰি থাকে। এইটো ভাষিক সংঘাতৰ ইন্ধন দিয়াৰ নিচিনা প্ৰস্তুতি চলালে,’’- শিলাদিত্য দেৱক কটাক্ষ কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়।

সফলতাৰ দাবীদাৰ বহু , বিফল NRC হৈছে  ‘ঘাট মাওৰা’

“সফলতাৰ দাবীদাৰ বহু , বিফল NRC হৈছে  ঘাট মাওৰা।‘ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এইদৰে কয় উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। এই সম্পৰ্কত তেওঁ কেইটামান কাৰণো উল্লেখ কৰিছে, সেই সমূহ তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল।

  • NRC প্ৰক্ৰিয়া চলি থকা সময়ত বহুখিনি বিসংগতি আৰু প্ৰৱঞ্চনা দৈনিক সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । কিন্তু সেইবিষয়সমূহ সেইসময়ত হাজেলাই ন্যায়ালয়ক অৱগত নকৰিলে । আৰু আন আন পক্ষইও অৱগত নকৰিলে।

৩১জুলাই ২০১৮ খচৰা প্ৰকাশ হোৱাৰ লগে লগে ২৬ আগষ্ট ২০১৮ত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ১০শতাংশ পুনৰীক্ষণৰ নিৰ্দেশ দিলে । কিন্তু হাজেলাই নিৰ্দেশ পালন নকৰি ন্যায়ালয়ক ২৭শতাংশ পুনৰীক্ষণ কৰা হৈছে বুলি ভূল তথ্য দিলে।

কিন্তু ইয়াৰ কোনেও প্ৰতিবাদ নকৰিলে। খচৰা প্ৰকাশ হোৱাৰ পৰা চুড়ান্ত NRC প্ৰকাশ হোৱা লৈকে সমগ্ৰ ১৩মাহ সময় কোনেও NRC ৰ বিসংগতি লৈ ন্যায়ালয়ত কোনো শপতনামাই দাখিল নকৰিলে।

কেৱল APW য়ে শপতনামা দাখিল  কৰিলে য’ত বিসংগতিৰ  ক্ষেত্ৰত আমি দিয়া স্মাৰক পত্ৰ গাঁঠি দিয়া হ’ল। ফলত এনে পৰিস্থিতিত হাজেলাই  ন্যায়ালয়ক যি জনাব সেইয়াই একমাত্ৰ তথ্য হ’ল ন্যায়ালয়ৰ আগত।

· যোৱা ৪০ বছৰে বিদেশী খেদিবলৈ যিসকল নেতাই দায়িত্ব লৈছিল, সকলো এই চৰকাৰ আৰু আছুৰ অংশীদাৰ কিন্তু তেওঁলোকে কোনেও NRC ৰ বিফলতাৰ দায়িত্ব লবলৈ আগবাঢ়ি নাহিল !

NRC খচৰা প্ৰকাশৰ পিছত মুখ্য মন্ত্ৰী সোণোৱালে NRC খনক অসমীয়া জাতিৰ অস্তিত্বৰ দলিল বুলি কৈছিল। আছু নেতৃত্বতই মিঠাই খাই উদযাপন কৰিছিল। পাছত যেতিয়া দেখিলে যে ৰাইজ সন্তুষ্ট নহ’ল, তেওঁলোকে সুৰ সলালে। যদি প্ৰকৃততে বিদেশী চিনাক্তকৰণৰ নেতৃত্ব লৈছিলেই তেনেহ’লে তেওঁলোকে সঠিক দিশ দেখুওৱাব লাগিছিল আৰু শুদ্ধ NRC প্ৰকাশৰ দায়িত্ব ল’ব লাগিছিল।

  • আমাৰ নেতাই নেতৃত্ব লয় কেৱল কৃতিত্বৰ বাবে, দায়িত্ব লবলৈ নহয় আৰু সেইকাৰণে অসম আন্দোলন আজি বিফল হৈছে। যদি প্ৰকৃততে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি নিজৰ ভুল মানিলেহেতেন, তেনেহলে তেওঁলোকে সমাধানৰো পথ বিচাৰিলে হয়। চুড়ান্ত NRC পুনৰীক্ষণৰ ক্ষমতা আৰু অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আৰু তেওঁলোকে সমাধান বিচাৰি এই দিশত আগবাঢ়িলেহেতেন।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd