NORTHEAST NOW (Assamese)

মহানগৰীত আবকাৰী বিভাগৰ অভিযান; ৪ মহিলাক আটক,জে’ললৈ প্ৰেৰণ

November 29, 2020 12:55 pm · এন ই নাও নিউজ

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী সদৰ চক্ৰই মহানগৰীত দেশী -বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আহিছে।

শনিবাৰে  দিনৰ  ভাগত  কামৰূপ মহানগৰ জিলাৰ  আবকাৰী অধীক্ষক দেৱজিৎ নাথ আৰু উপ আবকাৰী অধীক্ষক অনন্ত কলিতাৰ তদাৰকতাত গুৱাহাটী সদৰ আবকাৰী চক্ৰই ( বি ) ভঙাগঁড়  আৰু পল্টনবজাৰ অঞ্চলত এক  অভিযান চলায়।

আবকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত চলোৱা অভিযানত  চুলাই মদ  বিক্ৰীৰ লগত জড়িত ৪ জনী মহিলাক হাতে লোটে আটক কৰা হয়।

অভিযানকাৰী দলটোৱে লগতে ৫০ লিটাৰৰো অধিক চুলাই মদ  জব্দ কৰে।

আনহাতে, আটাকাধীন মহিলা কেইজনীৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩ (১) ক-ৰ অধীনত বিভাগীয় গোচৰ ৰজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকেইজনীকে জেল হাজোঁতলৈ প্ৰেৰণ কৰে।

Related News