NORTHEAST NOW (Assamese)

তিনিচুকীয়া উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক

May 6, 2021 7:12 pm · অভিক চক্ৰৱৰ্তী

তিনিচুকীয়াত আজি উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই এজন আবকাৰী অধীক্ষকৰ লগতে আবকাৰী কাৰ্যালয়ৰ এজন পিয়নক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জিপি সিঙে তেওঁৰ টুইটাৰত প্ৰকাশ কৰা অনুসৰি উৎকোচ বিচৰা তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানস জ্যোতি দাসক জালত পেলাবলৈ দুৰ্নীতি নিবাৰক শাখাই পৰিকল্পনা কৰিছিল ।

সেই মৰ্মে আজি উৎকোচ গ্ৰহণ কৰি থাকোতেই আবকাৰী অধীক্ষক দাসক গ্ৰেপ্তাৰ কৰা হয়।

আবকাৰী অধীক্ষক জনক উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে কাৰ্যালয়টোৰ পিয়ন অৰ্জুন বাছফোৰকো গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি আবকাৰী অধীক্ষক দাসে দীৰ্ঘদিন ধৰি তিনিচুকীয়াৰ সুৰাৰ দোকান সমূহৰ পৰা মাহিলী হিচাবত ধন সংগ্ৰহ কৰি আহিছিল।

দুৰ্নীতি নিবাৰক শাখাই ইতিমধ্যে আবকাৰী অধীক্ষক মানস জ্যোতি দাসৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ধৃত দাসক গুৱাহাটীলৈ অনা হ’ব আৰু শুকুৰবাৰে তেওঁক বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বুলি নিব পৰা গৈছে।

Related News