চোৰাং সুৰা সৰবৰাহত ব্যৱহৃত ডাক বিভাগৰ গাড়ী জব্দ

WhatsApp Image 2020-01-06 at 10.34.17 PM

আবকাৰী বিভাগৰ দলে জব্দ কৰা সুৰা সৰবৰাহ কৰা ডাক বিভাগৰ গাড়ীখন।

শিলচৰ ৰেইল ষ্টেশ্যন চৌহদত গোপন সূত্ৰৰ পম খেদি আবকাৰী বিভাগৰ দল এটাই অভিযান চলাই চোৰাং সুৰা সৰবৰাহত ব্যৱহাৰ কৰা ডাক বিভাগৰ গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হৈছে।

ত্ৰিপুৰাত পঞ্জীয়ন থকা টি আৰ-০১ জে ১৮৮৭ নম্বৰৰ ডাক বিভাগৰ এই বাহনখনৰ লগতে সুৰা সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা ছীল পেকবোৰো ধৰা পেলাবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে।

ডাক বিভাগৰ বাহনেৰে এনেদৰে অবৈধ সুৰা সৰবৰাহ কৰা কাৰ্য পোহৰলৈ অনাৰ লগতে সেয়া জব্দ কৰিবলৈ সক্ষম হোৱা আবকাৰী বিভাগৰ দলটোক  বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অভিনন্দন জনাইছে।

এনেধৰণৰ ভয়ংকৰ অপৰাধৰ সৈতে জড়িতসকল যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বিহিত ব্যৱস্থা ল’বলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক সকীয়াই দিয়াৰ লগতে উক্ত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিয়ে।

আনহাতে, এনেধৰণৰ ৰাজহ ফাঁকি দিব পৰা কোনো কামতে বিন্দুমাত্ৰাও সহায়-সহযোগিতা নকৰিবলৈকো মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।