NRC-ৰ পৰা বাদ পৰাসকলেও নাগৰিকৰ অধিকাৰ আৰু সা-সুবিধাবোৰ পাব : বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়

nrc-1567127202

প্ৰতিনিধিত্বমূলক ফটো

কেন্দ্ৰীয় চৰকাৰে দেওবাৰে স্পষ্ট কৰে যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰপৰা বাদ পৰা ১৯ লাখ লোক যেতিয়ালৈকে আইনী নিৰাময় বিচাৰি তেওঁলোকৰ অধিকাৰৰ পৰা বাহিৰ হৈ নাযায় তেওঁলোক ‘ৰাষ্ট্ৰহীন’ বা বিদেশী নহয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে জাৰি কৰা বিবৃতিত বিশ্বৰ মানৱ অধিকাৰ গোট তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তীব্ৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই এই স্থিতি স্পষ্ট কৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ অনিশ্চিত ভৱিষ্যতকলৈ মানৱ অধিকাৰ গোট তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শংকা ব্যক্ত কৰিছিল।

শনিবাৰে প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোক বাদ পৰিছে। বিষয়টোক লৈ ৰাজ্যখনৰ একাংশই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই তীব্ৰ অসন্তুষ্টিও প্ৰকাশ কৰিছে।

‘’এন আৰ চিৰ পৰা বাদ পৰা অসমৰ এগৰাকী বাসিন্দাৰ অধিকাৰৰ ওপৰত কোনো বাধা নাথাকে। চূড়ান্ত তালিকাৰ পৰা বাদ পৰা সকলক আটক কৰা নহয় আৰু আইনৰ অধীনত তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ সকলো সুযোগ লাভ কৰাৰ আগলৈকে পূৰ্বৰ দৰেই সকলো অধিকাৰ উপভোগ কৰিব পাৰিব,’’-বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে বিবৃতিতটোত কয়।

‘’ই বাদ পৰা লোকসকলক ‘ৰাষ্ট্ৰহীন’ নকৰে। ই লগতে আইনী পৰিভাষাত তেওঁলোকক ‘বিদেশী’ বুলিও কোৱা নাই। তেওঁলোকে পূৰ্বে উপভোগ কৰা কোনো অধিকাৰ বা সা-সুবিধাৰ পৰা বঞ্চিত নহয়।‘’

বিবৃতিটোত লগতে কোৱা হৈছে : ‘’এন আৰ চি ৰূপায়ন প্ৰক্ৰিয়াৰ সময়ত গ্ৰহণ কৰা যিকোনো সিদ্ধান্তত ভাৰতীয় আইনৰ চাৰিটা দিশ তথা ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰা অব্যাহত থাকিব।‘’

এন আৰ চিৰ পৰা বাদ পৰা সকলোৱে বাদ পৰাৰ জাননী লাভ কৰাৰ পৰা ১২০ দিনৰ ভিতৰত ন্যায়াধিকৰণত আবেদন কৰাৰ অধিকাৰ পাব।