কথাবোৰ কৈ আছোঁ হয়, কিন্তু ৰাইজৰে একাংশ মানুহ কাণত আঙুলি দি মূৰ জোঁকাৰি নিজেও শুনা নাই, আনকো শুনিবলৈ মানা কৰি আছে। এওঁলোকে অকুণ্ঠিতভাৱে বিজেপিক ভোট দিয়ে আৰু আনকো তেনেকৈ ভোট দিবলৈ উচটাই থাকে। আৰু এচাম আছে, যিসকলে সকলোৱে জনা-বুজা কথাবোৰ তল পেলাই পাক লগা যুক্তি দি মানুহক বিবুধি কৰে। এওঁলোকৰ চাতুৰ্যৰ ফলত চোৰ হয় সাধু, ঠগ হয় পৰোপকাৰী, খুনী হয় অহিংসাৰ পূজাৰী। উদ্দেশ্য কিন্তু একেটাই। বিজেপিৰ বাবে পথ পৰিষ্কাৰ কৰা।
এই ধৰণৰ পৰিস্থিতিৰ মাজত বৰ্ত্তমান চলি থকা বিভিন্ন সমস্যা বা সাঁথৰ যেন লগা ঘটনাবোৰৰ আচল অৰ্থ ফঁহিয়াই উলিওৱা কষ্টকৰ হ’লেও প্ৰয়োজনীয়।
বিবেচনা কৰক, অসমৰ “সীমা সমস্যা”। বিভিন্ন ৰাজ্যবোৰে ইখনে সিখনৰ বিৰুদ্ধে সীমা চেৰাই মাটি বেদখল কৰাৰ অভিযোগ আনিছে। এইটো কেনেকৈ হ’বলৈ পালে। পঞ্চাশ বছৰ পূৰ্বেই মেঘালয় অসমৰ পৰা পৃথক হ’ল, পৃথক কৰিলে কেন্দ্ৰীয় চৰকাৰে (তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ)। অসমৰ বিশিষ্ট সাংবাদিক আৰু বুদ্ধিজীৱী সকলে একবাক্যে তাৰ শলাগ ল’লে। কিন্তু মেঘালয়-অসমৰ সীমা কি হ’ব, কেনেকুৱা হ’ব, কোনেও এটা প্ৰশ্ন নুতুলিলে। সঁচা কথা, আমিও তেতিয়া তেনে প্ৰশ্ন তোলা নাছিলোঁ। তাৰ পৰা হ’ব পৰা বিপদৰ কোনো উমান অসমীয়াই পোৱা নাছিল। কিন্তু ইতিমধ্যেই নাগালেণ্ডে অসমৰ মাটি দাবী কৰি নানা দাবী আৰু ভাবুকি দি থকা সত্বেও অসমীয়াৰ হুঁচ হোৱা নাছিল। পিছত দুয়ো ৰাজ্যৰ সীমা চেৰাই ঘৰ জ্বলাই, মানুহ মাৰি নাগা দুৰ্বৃত্তই দাবী সাব্যস্ত কৰিবলৈ ধৰিলে। মেৰাপানীত কুৰিজনমান মানুহ গুলীয়াই হত্যা কৰিছল আৰু দুশটা ঘৰ জ্বলাই দিছিল। জখম হৈছিল ঢেৰ বেছি মানুহ।
এইবোৰ দুষ্কাৰ্য্য কিন্তু সীমাত থকা সাধাৰণ নগা ৰাইজে কৰা নাছিল। কৰিছিল বন্দুক ব্যৱহাৰ কৰা ধনী নগাই পঠোৱা গুণ্ডাৰ দলে। এতিয়া মেঘালয়-অসম সীমাতো বেদখল, ভাবুকি, হিংসাৰ উদ্গীৰণ ঘটিছে। অনুমান হয় যে নগা সমাজৰ একেচাম মানুহৰ পৰাই (ধনী, লোভী, আক্ৰোহী আৰু আগ্ৰাসী মধ্যবিত্ত!) সেই ভাবুকি আহিছে। ৰাজ্যবোৰৰ সীমা নিৰ্ধাৰণ আওকাণ কৰি থকা কেন্দ্ৰীয় চৰকাৰেই সেই পৰিস্থিতি সৃষ্টি কৰিছে। সোনকালে কৰিব বুলিও মুঠেই ভৰসা কৰিব নোৱাৰি।
তাৰ কাৰণ হৈছে এয়ে যে কেন্দ্ৰই সম্ভৱ এইবোৰ ৰাজ্যৰ উগ্ৰ জাতীয়তাবাদী আবেগ পোষণ কৰা ধনী মধ্যবিত্তক হাতত ৰাখি তুষ্ট কৰাৰ উপৰি অসন্তোষ দমাই ৰাখে। এই ধনী মধ্যবিত্ত চামে নিজৰ লোভ আৰু আক্ৰোশৰ বাবে উন্নয়নৰ বাবে প্ৰয়োজনীয় আৰু চৰকাৰৰ হাতলৈ অহা সৰহখিনি ধন আত্মসাত কৰে, আৰু অবৈধ কয়লা খনন, গছ-বন কাটি নিৰ্মূল কৰা, ফ্লেট সাজি ভাড়া দিয়া, অজস্ৰ বাছ-টেক্সিৰ মালিক হৈ যাত্ৰীৰ পৰা অত্যধিক ভাড়া আদায় কৰা, মাটিৰ অবৈধ বেচা-কিনাত লিপ্ত হোৱা আদি উপায়েৰে উপাৰ্জন আৰু বৃদ্ধি কৰে। জনসাধাৰণৰ আৰ্থিক অৱস্থা কিন্তু শোচনীয় হৈ থাকে। আনহাতে তেওঁলোককো উগ্ৰ জাতীয়তাবাদৰ ৰাগী আৰু কলা-কৃষ্টি আৰু সুৰাৰ ৰাগীত মতলীয়া হ’বলৈ দি নিজৰ আচল অৱস্থা পাহৰাই ৰাখে। অসমতো এসময়ত এই ধৰণৰ মানুহৰে প্ৰাদুৰ্ভাৱ আছিল। আজিও আমি বহুতেই তাতে ডুবি আছোঁ।
এতিয়া পাহাৰৰ এইচাম মানুহৰ ভৈয়ামৰ মাটিৰ ওপৰত চকু পৰিছে। আৰু প্ৰথমতে ভৈয়ামৰ সীমাত থিতাপি লোৱা বান-খহনীয়া আৰু দাৰিদ্ৰ্যত নিপীষ্ট মানুহবিলাকক বন্দুক দেখুৱাই বছৰি ধান-সৰিয়হৰ ফছলৰ এভাগ আদায় কৰি আছে। আমাৰ চৰকাৰ বা পুলিচৰ গমেই নাই। গম পালেও মনে-মনে থাকে। গোলমাল হোৱাতকৈ এয়ে ভাল বুলি ভাবি।
কিন্তু ইয়াৰ পৰিণামত সীমাৰ সিপাৰৰ ধন-ক্ষমতাশালী আগ্ৰাসী মধ্যবিত্তই বেদখল কৰা অসমৰ মাটিকে তেওঁলোকৰ সীমাৰ ভিতৰুৱা মাটি বুলি দাবী কৰাৰ সুযোগ আৰু সাহস পায়। দুই এক দায়িত্বশীল অসমৰ আৰক্ষী অধীক্ষকে বাধা দিলেও প্ৰাক্তন বিদ্ৰোহী দুৰ্বৃত্তৰ একে-৪৭ ৰ আগত সেও মানিবলৈ বাধ্য হয়।
উক্ত ৰাজ্যবোৰৰ চৰকাৰেও সিহঁতৰ আগ্ৰাসী মধ্যবিত্তৰ কথাতে হয়ভৰ দিয়ে। উগ্ৰ জাতীয়তাবাদ লাভজনক ৰাজনৈতিক মূলধন। (এই কথাবোৰ ইতিমধ্যে মই অসমীয়াত কেইবাবাৰো লিখিছোঁ আৰু ২০১১ কি ২০১২ চনত Economic and Political weekly ত ইংৰাজীত লিখিছোঁ।)
এনে পৰিস্থিতিত দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত মীমাংসা কেতিয়াও সমস্যাৰ স্থায়ী, সুস্থিৰ সমাধান হ’ব নোৱাৰে। খুব সম্ভৱ এই সমাধান কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰামৰ্শ মতে উলিওৱা হৈছে। কিন্তু মোৰ মনত কোনো সন্দেহ নাই যে ৰাজ্যবোৰৰ ভবিষ্যত কোনো চৰকাৰৰ দিনত এই সীমা-নিৰ্ধাৰণ অগ্ৰাহ্য হ’ব। কাৰণ আক্ৰোহী আৰু দুৰ্দ্দান্ত ধনীচামৰ লোভ এই সীমাতে তুষ্ট আৰু ক্ষান্ত হৈ নাথাকে।
ধৰা হওক, কিবা এটা মীমাংসা হ’ল। অসমে কিছু মাটি পালে, আনখন ৰাজ্যইও কিছু মাটি পালে। ধামাধৰা মন্ত্ৰী-বিধায়কেও প্ৰশংসাৰ ধল নমাই ক’লে: “কোনো হাৰা নাই, দুই পক্ষ জিকিল!” কিন্তু কেনেকৈ? অসমৰ মাটিৰহে বেদখল হৈছিল। তেন্তে অসমে ক’ত মেঘালয়ৰ মাটি পালে? কথাৰ কাৰচাজিৰে ঢাকি দিয়া হৈছে এই অপ্ৰিয় সত্য যে অসমে বেদখলী মাটিৰ আধা ত্যাগ কৰিবলগা হ’ল!! বাকী আধাও এদিন হয়- ভাবুকিৰে কাঢ়ি লৈ এদিন আৰু লাগে বুলি দাবী কৰিব।
ইয়াৰ বাবে সাধাৰণ খাছি বা নগা মানুহৰ বিৰুদ্ধে বিদ্বেষ পোষণ কৰাটো অতি অবিবেচক মূৰ্খামি হ’ব। ঘটনাৰ আঁৰত কোন; আৰু কেনেকৈ তাক ঘটোৱা হয়, প্ৰক্ৰিয়াটো বুজিব লাগিব।
অসমৰ যি আধা মাটি অসমে “পালে?”, সেই মাটিৰ গুণ বা চৰিত্ৰ কি? সাৰুৱা মাটি নে উৰ্বৰ মাটি, বনভূমি নে ফুটুকানি, সমতল নে উখোৰা-মোখোৰা? তাত বসবাস কৰা অসমৰ মানুহ ইমান দিনৰ পৰা সেই মাটিত বসবাস কৰি আছে ? আৰু ত্যাগ কৰা মাটিৰ বাসিন্দাসকল কিমান দিন ধৰি আছে ? মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ পিছত তেওঁলোকৰ মাটিৰ স্বত্ব থাকিব নে?
এইবোৰ প্ৰশ্নৰ সদুত্তৰ নাপালে অসম আৰু অসমীয়া সাংঘাটিক বঞ্চনাৰ চিকাৰ হৈছে বুলিহে সিদ্ধান্ত কৰিব লাগিব। (প্ৰসঙ্গক্ৰমে সেইসকল দুৰ্ভগীয়াৰ প্ৰতি অসম চৰকাৰৰ দায়িত্বৰ কথাও তুলিব লাগিব?)
আমাৰ মুখ্যমন্ত্ৰী স্বঘোষিত স্বীকাৰোক্তি মতে “অসমীয়াগিৰি” কৰি বৰ সুখী নহয়। তেওঁৰ দৃষ্টি আৰু আকাংক্ষা দূৰতৰ দিগন্তত। এই ধৰণে চলি থাকিলে তেওঁৰ আকাংক্ষা পূৰণ হ’বও। কিন্তু খাৰখোৱা অসমীয়াৰ কি হ’ব ? আমাৰ জাতীয়তাবাদী বিলাকো উক্ত ৰাজ্যবোৰৰ উগ্ৰ জাতীয়তাবাদী বিলাকৰ একে গোত্ৰৰ। গতিকে তেওঁলোক ক্ৰমাগতভাবে ঘনীভূত হৈ পৰা এই সমস্যাটোক লৈ বৰ ব্যস্ত নহয়। কিন্তু সচেতন, জাতিক বচাই ৰখাৰ আৰু সাধাৰণ মানুহৰ কাষত থিয় দিয়াৰ সংকল্প আৰু সাহস থকা মানুহে কথাটো গমিপিতি চাই যথাযোগ্য গণপ্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। কেৱল চৰকাৰক আবেদন-নিবেদন কৰি সমস্যা এৰাই চলিব পাৰি, সমাধান কৰিব নোৱাৰি।
শেষত, চেপা-খুন্দাৰ মাজত নিছলা অসমীয়াই ভেটিৰ মাটিকণো হেৰুৱাব নেকি?