ইম্ফলত অনুষ্ঠিত ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ কাৰ্যবাহী পৰিষদৰ সভা

DSC_5893

আজি ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ কাৰ্যবাহী পৰিষদৰ সভাখন ইম্ফলত অনুষ্ঠিত হৈছে। এই সভাখনত মুখ্য অতিথি হিচাপে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং, কাৰ্যকৰী সভাপতি হিচাপে সন্থাৰ সভাপতি ড০ দিলীপ গোদে আৰু সন্মানীয় অতিথি হিচাপে মণিপুৰৰ মুখ্য সচিব ড০ জে সুৰেশবাবু উপস্থিত থাকে।

সভাত নিজৰ ভাষণত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে  মণিপুৰৰ দৰে সৰু ৰাজ্যৰ সংখ্যকে শৈল্য চিকিৎসকসকলেও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ বাবে ভাৰতীয় শৈল্য চিকিৎসক সংস্থাক আহ্বান জনায়।

প্রণিধানযোগ্য যে  মণিপুৰ শাখা ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ কাৰ্যকৰী পৰিষদৰ পূৰ্ণ পৰ্যায়ৰ সদস্য নহয়।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ প্ৰায় ২০,০০০ সদস্য আছে। এই সন্থাৰ দায়িত্ব বহুত। তেওঁ কয় যে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিভাগসমূহত শৈল্য চিকিৎসক সকল  আটাইতকৈ সাহসী আৰু তীক্ষ্ণ মেধা-সম্পন্ন। জীৱন্ত মানৱ দেহ কটা-চিঙা কৰি বেমাৰ নিৰ্মূল কৰাটো ভগৱান প্ৰদত্ত বৰতকৈ কোনো গুণে কম নহয় বুলি তেওঁ কয়।

মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ মণিপুৰ শাখাটোৱে যথেষ্ট ভাল কাম কৰি আছে। তেওঁ আৰু কৈছে যে সীমিত সুবিধাৰে সন্থাৰ অন্তৰ্ভুক্ত শৈল্য চিকিৎসকসকলে ৰাজ্যখনৰ অতি ভিতৰুৱা তামেলং জিলাৰ সদৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। মুখ্য মন্ত্ৰীগৰাকীয়ে আৰু কয় যে জিলাখনত প্ৰথম বাৰৰ বাবে সন্থাৰ মণিপুৰ শাখাই দুদিনত কী-হোল ছাৰ্জাৰীকে ধৰি মুঠ ৫৩টা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে।

মণিপুৰৰ মনোৰম প্ৰাকৃতি সৌন্দৰ্যৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বাহিৰৰ পৰা অহা চিকিৎসক প্ৰতিনিধিসকলক ৰাজ্যখনৰ পৰ্যটন কেন্দ্ৰ আৰু ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত মোৰেহ চহৰ ভ্ৰমণ কৰাৰ বাবে আহ্বান জনায়।

সভাত ভাৰতীয় শৈল্য চিকিৎসক সংস্থাৰ সভাপতি ড০ দিলীপ গোদে আৰু ৰাজ্যখনৰ মুখ্য সচিব ড০ জে সুৰেশবাবুৱেও ভাষণ দিছিল।