যোৰহাটত ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত

WhatsApp Image 2021-09-26 at 1.30.16 PM

ফটো: নৰ্থইষ্ট নাও।

আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শনিবাৰে জিলা পুথিভঁৰালৰ বাকৰিত জিলাখনৰ ৰপ্তানিযোগ্য সামগ্ৰী আৰু সেৱাসমূহৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

এই প্ৰদৰ্শনীত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা বহু কেইগৰাকী উদ্যোগী তথা উদ্যমী, শিল্পী, শিপিনী আৰু থলুৱা ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে ।

বিপনীসমূহত বিভিন্ন থলুৱা খাদ্য সামগ্ৰী, বিভিন্ন ধৰণৰ চাহ, আচাৰ, বিভিন্ন ধৰণৰ হাতেৰে বোৱা কাপোৰ, মুগা আৰু এৰি কাপোৰ, হাতেৰে প্ৰস্তুত কৰা কাঠৰ আৰু বাঁহ-বেতৰ সামগ্ৰী, চেন্দেল আদি প্ৰদৰ্শন কৰা হয়।

জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰি স্থানীয় উদ্যোগী তথা উদ্যমী, ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগসমূহৰো বুজ লয়৷

ইয়াৰ পূৰ্বে জিলা পুথিভঁৰালৰ সভাগৃহত ৰপ্তানি সন্মিলন শীৰ্ষক এখন সভাও অনুষ্ঠিত কৰা হয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে কয় যে অসমখন পাহাৰ,পৰ্বত,ভৈয়াম, গছ-বন, নদ- নদী, চাহ, মাছ, ধান আদি সকলো দিশতে ভৰপূৰ৷ ভগৱানে আমাৰ ৰাজ্যখনক সম্পূৰ্ণ কৰি দিছে ৷ মন আৰু ইচ্ছা থাকিলে যিকোনো ক্ষেত্ৰতে উৎপাদনৰ থল বিচাৰি পোৱা যায়৷

যোৰহাট জিলাতো ৰপ্তানিৰ যথেষ্ট সম্ভাৱনা আছে, কেৱল এটা উৎপাদনমুখি মনৰে সম্ভাৱনাসমূহক উপলব্ধি কৰিব পাৰিব লাগিব আৰু উৎপাদনৰ উৎসটো বিচাৰি উলিয়াব লাগিব৷ চৰকাৰে উদ্যোগৰ ক্ষেত্ৰখনত যথেষ্ট সুবিধা প্ৰদান কৰিছে আৰু জিলা প্ৰশাসনেও উদ্যোগী তথা উদ্যমীসকলক সদায় সহায় কৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷

জিলা উপায়ুক্তই মহিলা আৰু যুৱ উদ্যমীসকলক তেওঁলোকৰ ব্যৱসায়সমূহ ৰপ্তানিযোগ্য কৰিব পৰাকৈ মানদণ্ড উন্নত কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰি ভাষণ প্ৰদান কৰে৷

সভাত অতিৰিক্ত উপায়ুক্ত( উন্নয়ন) কবিতা কাকতী কোঁৱৰে উদেশ্য বাখ্যা আগবঢোৱাৰ লগতে দিনটোৰ কাৰ্যসূচীত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে৷

ভাৰপ্ৰাপ্ত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰৱন্ধক তন্দ্ৰালিমা বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা সন্মিলনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনব কুমাৰ বৰা, তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী হাইলিং, নাবাৰ্ডৰ জিলা উন্নয়ন মহাপ্ৰবন্ধক ভাই ফীয়ে, টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনী , কৃষি,ৰেচম, যোগান আদি বিভাগৰ বিষয়াসকলৰ লগতে আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।