NORTHEAST NOW (Assamese)

শিৱসাগৰত ইন্টাৰনেছনেল ৰাইচ ৰিচাৰ্চ এচ’চিয়েচনৰ প্ৰদৰ্শনীমূলক ধান খেতি

December 2, 2021 4:33 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

শিৱসাগৰ কৃষি বিভাগৰ প্ৰশংসনীয় পদক্ষেপ।

ধানৰ গুণাগুণ নিৰূপণ কৰিবলৈ প্ৰদৰ্শনীমূলক ধান খেতি কৰে শিৱসাগৰৰ কালুগাঁৱৰ কিৰাই আলিৰ বৰবৰ টেকেলা গাঁৱত।

ইন্টাৰ নেছনেল ৰাইচ ৰিচাৰ্চ এচ’চিয়েচনৰ বিষয়ববীয়াৰ লগতে শিৱসাগৰ কৃষি বিভাগ আৰু আত্মাৰ সহযোগত এই প্ৰদৰ্শনীমূলক ধান খেতি কৰা হয়।

স্থানীয় খেতিয়ক ৰুবুল গগৈৰ প্ৰায় ২ বিঘা মাটিত ১০ বিধ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হয় এই প্ৰদৰ্শনীমূলক খেতিত।

ইয়াত আঘোণী বৰা, বাহাদুৰ চাৱ ১, মালভোগ, কাতিলাহী, কেতেকী জহা, কলা জহা, কলা মাচুৰী, মাচুৰী, ৰঞ্জিত চাৱ ১ আৰু ৰঞ্জিত ধানৰ খেতি কৰা হয়।

Related News