পশ্চিমবংগত কাৰ চৰকাৰ? এক্সিট প’লৰ সমীক্ষাত নাই ‘পৰিৱৰ্তনৰ’ ইংগিত!

2021_4$2021042919374331801_0_news_large_8

দেশৰ সচেতন ৰাজনৈতিক মহলৰ দৃষ্টি এতিয়া নিৱদ্ধ পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলৰ ওপৰত। কিয়নো বিজেপিয়ে এইবাৰ বংগ জয়ৰ বাবে সৰ্বাত্মক শক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল।

অহা ২ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব যদিও আঠটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যখনৰ ভৱিষ্যত চৰকাৰ সম্পৰ্কত ইংগিত দাঙি ধৰিছে দেশৰ বিভিন্ন সমীক্ষাই।

এই সমীক্ষাসমূহে দৰাচলতে পশ্চিমবংগত পুনৰ মমতা বেনাৰ্জীৰ তৃণমূল চৰকাৰ গঠনৰে ইংগিত দাঙি ধৰিছে।

ৰাজ্যখনৰ এইবাৰ নিৰ্বাচনৰ ফলাফল সম্পৰ্কে এবিপি-চি ভোটাৰ সমীক্ষাই দাঙি ধৰা সম্ভাৱনা হৈছে:-

১৫২ –১৬৪ খন আসন পাব পাৰে তৃণমূল কংগ্রেছে
১০৯ –১২১ খন আসন পাব পাৰে বিজেপিয়ে
১৪-২৫খন আসন পাব পাৰে সংযুক্ত মর্চাই
অন্যান্যসকলক কোনো আসন দিয়া হোৱা নাই।

সেইদৰে টাইমছ নাও-চি ভোটাৰৰ সমীক্ষাই দাঙি ধৰা সম্ভাৱনা হৈছে এনে ধৰণৰ:-

তৃণমূলে পাব পাৰে ১৫৮ খন আসন
বিজেপি পাব পাৰে ১১৫খনআসন
বাঁও-কংগ্রেছ মর্চাই পাব পাৰে ১৯খন আসন

আনহাতে, ৰিপাব্লিক-চিএনএক্স সমীক্ষাত ধৰা দিছে আন এক সম্ভাৱনা। সেয়া হ’ল:-

তৃণমূলে পাব পাৰে ১২৮ ৰ পৰা ১৩২খন আসন
বিজেপি পাব পাৰে ১৩৮ ৰ পৰা  ১৪৮ খন আসন
বাঁও-কংগ্রেছ মর্চাই পাব পাৰে ১১ ৰ পৰা ২১খন আসন

ইপিনে, এক্সিট প’লৰ সমীক্ষাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৃণমূলৰ সাংসদ সৌগত ৰায়ে কয় যে তৃণমূলেই আকৌ ৰাজ্যত চৰকাৰ গঠন কৰিব। মমতা বেনাৰ্জী তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ’ব। সমীক্ষাসমূহ এই কথাকেই কৈছে।

আনহাতে, বিজেপি নেতা ৰাহুল সিনহাই এই সম্পৰ্কত কয় যে এক্সিট প’লৰ সমীক্ষাত কোনো কোনোৱে বিজেপি চৰকাৰ হ’ব আৰু কোনো কোনোৱে বিজেপি চৰকাৰ নহয় বুলি কৈছে। তেওঁ বিহাৰৰ এক্সিট প’লৰ কথা উল্লেখ কৰি কয় যে এইবাৰ নিৰ্বাচনত বিজেপিৰ সপক্ষে মানুহৰ সমৰ্থন দেখি ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত।

এক্সিট প’লে যিয়েই নকওক, অহা ২ মে’ত প্ৰকাশ পাবলগীয়া নিৰ্বাচনৰ ফলাফলৰ বাবে অধীৰ অপেক্ষা আৰু উৎকণ্ঠাৰে সকলোৱে ৰৈ আছে।