• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী গৱেষকে চালেহি অভিনৱ পদ্ধতিৰে হাল নোবোৱাকৈ অসমৰ খেতিয়কে কৰা আলু খেতি

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
February 22, 2019 11:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খেতিয়কে অভিনৱ পদ্ধতিৰে কৰা নতুন সঁচৰ আলু খেতিৰ মূল্যায়ন কৰিলে য়ুৰোপৰ পৰা অহা গৱেষকে। কলিয়াবৰৰ মাধতাৰি অঞ্চলৰ তোষেশ্বৰ বৰা, ধনীৰাম বৰা, প্ৰদীপ শইকীয়াকে ধৰি বহুকেইগৰাকী খেতিয়কে কৰিছিল এই নতুন পদ্ধতিৰ আলুখেতি।

খেতিয়ককেইজনে জানিবলৈ দিয়া মতে, অসম চৰকাৰৰ কৃষি বিভাগে “অসম বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনি” চমুকৈ ‘এপাৰ্ট’ৰ জৰিয়তে তেওঁলোকক কুফি জ্যোতি আৰু কুফি পোখৰাজ নামৰ আলু বীজ যোগান ধৰিছিল আৰু তেওঁলোকে পৰীক্ষামূলকভাৱে ইয়াক কৰিছিল।

Foreigner at Potato field
অসমৰ খেতিয়কে কৰা আলুখেতি পৰ্য্যৱেক্ষণ কৰিছে এগৰাকী জাৰ্মান গৱেষিকা ছাত্ৰীয়ে।

পৰম্পৰাগত আলুখেতিৰ পৰিৱৰ্তে হাল নোবোৱাকৈয়ে আৰু তেনেই কম খৰচত আৰু কম পৰিশ্ৰম বিনিয়োগ কৰি তুলনামূলকভাৱে বহু বেছি উৎপাদন কৰিব পাৰি এই আলুখেতিৰ পৰা। ধান চপোৱাৰ পিছতে এৰি অহা নৰানিতে এই আলুখেতি কৰিব পাৰি।

“খেতি পথাৰত ধানখেতি চপোৱাৰ পাছতেই দ্বিতীয় খেতি হিচাপে এই খেতি কৰিব পৰা যায়। ইয়াৰ বাবে হাল বাব নালাগে। নৰাৰ মাজে মাজে নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ আলুৰ বীজ দি মাত্ৰ ছয় ইঞ্চি ডাঠকৈ নৰাৰে ঢাকি দিলেই হ’ল। ৰোপণ কৰাৰ ৯০ দিনৰ মূৰত খান্দিব পাৰি। গছে প্ৰতি ১ কেজিৰ ওপৰত উৎপাদন হয়।” জনালে এজন খেতিয়কে।

আলুখেতিৰ মূল্যায়ন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ (International potato Centre) ১২জনীয়া দল এটা অলপতে অসমলৈ আহিছে আৰু তেওঁলোকে আজি কলিয়াবৰৰ খেতিয়ক কেইজনৰো খেতি পৰ্য্যৱেক্ষণ কৰে। পৰ্য্যৱেক্ষকৰ দলটোত জাৰ্মানিৰ মাৰ্টিন লুথাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এগৰাকীও আছে। নাম ছফিয়া বুথে। কৃষি বিজ্ঞানৰ ছাত্ৰী ছফিয়াই পৰম্পৰাগত আলুখেতিৰ পৰিৱৰ্তে কৰা এই আলুখেতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। জানিব পৰামতে, দলটোৱে অসমৰ সাতখন জিলা এই আলুখেতিৰ জৰীপ চলাইছে। 

কলিয়াবৰৰ এই খেতিয়ককেইজনে নতুন পদ্ধতি আৰু নতুন বীজৰ খেতিৰে দেখুওৱা সফলতাই অসমৰ কৃষকসকললৈ বৈপ্লৱিক সুযোগ আনিব পাৰে বুলি স্থানীয় সচেতন লোকসকলৰ মন্তব্য।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd