কৰ’নাৰ সংহাৰৰ মাজতে আমেৰিকাত নতুন ভাইৰাছ; ‘টুইনডেমিক’ৰ আতংক!

Latin American Doctor Checking Patient Infected of Covid-19 at Home.

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ সংহাৰে ইতিমধ্যে কাবু কৰি পেলাইছে দেশখনৰ স্বাভাৱিক জীৱন যাত্ৰা। তাৰ মাজতেই নতুন ভাইৰাছ ‘টুইনডেমিক’ক লৈ আতংক আৰম্ভ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত।

দেশখনৰ চিকিৎসকসকলে জনসাধাৰণক আগতীয়াকৈ ইনফ্লুৱেঞ্জাৰ ভেকচিন লোৱাৰ পৰামৰ্শ দিছে।

অৱশ্যে, তেওঁলোকে কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ ফ্লুৰ ভেকচিনে বিশেষ কাম নিদিব বুলিও জনাইছে।

চিকিৎসকসকলে কৈছে যে আটাইতকৈ উদ্বেগজনক কথাটো হ’ল কোভিড-১৯ আৰু ফ্লুৰ লক্ষণ প্ৰায় একে ধৰণৰ। ৰোগীৰ শৰীৰত লক্ষণ দেখি কি হৈছে সেয়া কোৱাটো কঠিন হৈ পৰিছে।

ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ এই সময়ছোৱা আমেৰিকাত ফ্লু-চিজন হিচাপে জনা যায়। এই সময়ছোৱাত স্বাভাৱিকতে ঋতু পৰিৱৰ্তনৰ ফলত চৰ্দি-জ্বৰ-কাঁহ আদি দেখা দিয়ে।

কিন্তু কোভিড-১৯ৰ ফলত অস্থিৰ হৈ পৰা দেশখনত ইয়াৰ সৈতে আকৌ ইনফ্লুৱেঞ্জা বা ফ্লুৰ আৱিৰ্ভাৱে চিকিৎসকসকলক শংকিত কৰি তুলিছে। এনে পৰিস্থিতিক তেওঁলোকে ‘টুইনডেমিক ছিটুৱেশ্যন’ বুলি কৈছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, আক্ৰান্তসকলে কিহৰ অসুস্থতা সেয়া ভালকৈ ক’ব পৰা নাই।

দুয়োটা ৰোগতেই সাধাৰণ লক্ষণসমূহ হ’ল জ্বৰ-চৰ্দি-কাঁহ, ঠাণ্ডা লগা তথা উশাহ লওতে পোৱা কষ্ট। কিন্তু কোভিডত গোন্ধ, সোৱাদৰ অনুভুতি নাথাকে। সেইবুলি কৰ’না আক্ৰান্ত সকলোৰে এনে লক্ষণ থাকে বুলি ক’ব নোৱাৰি।

আনহাতে, এই নতুন ফ্লুটোতো বহু সময়ত ঠাণ্ডা লাগি নাক বন্ধ হৈ পৰে তথা জিভাৰ সোৱাদ নোহোৱা হয়।

বিশেষজ্ঞসকলে অৱশ্যে কৈছে যে কৰ’নাৰ তুলনাত ইনফ্লুৱেঞ্জাৰ নিয়ন্ত্ৰণ সহজ। কিয়নো এই ভাইৰাছত কোভিডৰ তুলনাত লক্ষণসমূহ একৰ পৰা চাৰিদিনৰ ভিতৰত দ্ৰুতভাৱে দেখা দিয়ে। ফলত সোনকালে ৰোগ ধৰা পৰাৰ বাবে সোনকালে চিকিৎসাও কৰিব পৰা যায়।