শ্ৰদ্ধা হত্যাকাণ্ডঃ ড্ৰাগছ আসক্ত আছিল আফতাব!

শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাৰী প্ৰেমিক আফতাব ড্ৰাগছ আসক্ত আছিল। শ্ৰদ্ধাৰ বন্ধু ৰাহুল ৰায়ে সংবাদ মাধ্যমৰ আগত আজি প্ৰকাশ কৰা মতে আফতাবে ড্ৰাগছ ব্যৱহাৰ কৰি শ্ৰদ্ধাক নিৰ্মভাবে প্ৰহাৰ কৰিছিল। ৰায়ে লগতে উল্লেখ কৰে যে তেওঁ ২০২০ চনত আফতাবে ড্ৰাগছ খাই শ্ৰদ্ধাক প্ৰহাৰ কৰাৰ পিছত তেওঁক এজাহাৰ দাখিল কৰাত সহায় কৰিছিল।

ৰায়ে কয় যে সেই সময়ত তেওঁ শ্ৰদ্ধাক ঘৰলৈ লৈ গৈছিল। এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে আফতাবক আটক কৰিব বিচাৰিছিল যদিও ঘটনাই অন্য ৰূপ লোৱাৰ আশংকা কৰি শ্ৰদ্ধাই আৰক্ষীক তেনে নকৰিবলৈ কৈছিল।ৰাহুলে কয় “পিছদিনা আৰক্ষীয়ে শ্ৰদ্ধাক আৰক্ষী চকীলৈ মাতিছিল, আৰক্ষীৰ আগত শ্ৰদ্ধাই কৈছিল যে আফতাবে তেওঁক হত্যা কৰিবও পাৰে। আফতাবে আগতে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু একাধিকবাৰ প্ৰহাৰ কৰিছে। আফতাবে তেওঁক ঘৰত তলামাৰি থৈ গৈছিল” ।

ৰাহুলে কয় যে তেতিয়াৰে পৰা তেওঁ কেতিয়াও শ্ৰদ্ধাৰ সংস্পৰ্শলৈ অহা নাছিল। ইপিনে দিল্লীৰ এখন আদালতে শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে। উল্লেখ্য দিল্লীৰ ছাকেত আদালতে আৰক্ষীক অভিযুক্ত আফতাবৰ ওপৰত নাৰ্কো পৰীক্ষা কৰিবলৈ অনুমতি দিছে।